“ শৰৎ ” - শিহৰণৰ অন্য এটি নাম - Sewali Assamese Feeling
“ শৰৎ ” - শিহৰণৰ অন্য এটি নাম - Sewali Assamese Feeling
sewali assamese |
Sewali Assamese Feeling/ Saratar Sewali/ Feelings of Autumn/Autumn Season in Assam
কপহুৱা মেঘৰ
আঁৰে আঁৰে লুকা-ভাকু
খেলি, ৰূপৱালী জোনাকত শেৱালি ফুলৰ স্নিগ্ধ সুবাস লৈ আহিছে শাৰদীৰাণী ৷ প্ৰবাহিত
শেৱালিৰ মনোমোহা সুবাসে চুই গৈছে প্ৰতিখন অনুভৱী হৃদয়ক ৷ কি যে শীতল এই পৰশ, যেন
এক অবুজ মনৰ অনামি শিহৰণ ৷ শাৰদীৰাণীৰ আগমনত সাৰ পায় উঠিছে সেউজীয়া দূবৰি আৰু
শেৱালিৰ অনাকাংক্ষিত কামনা ৷ শাৰদীৰাণীৰ অনাবিল মৰমৰ
পৰশত ধন্য হয় প্ৰকৃতি ৷ শীতল মলয়াৰ লহৰত
নিৰৱধি নৈৰ পাৰে পাৰে শুভ্ৰ চুলি মেলি, আলফুলে হালি জালি নাঁচি থকা কহুৱাঁ ফুলবোৰ
দেখি এজাক মৃদু বতাহে আহি কাণে কাণে কয় হি এয়া শৰৎ আৰু শেৱালিৰ সময় ৷
আহিনৰ
আঙুলি ধৰি প্ৰকৃতিৰ বুকুত খোজ দিবলৈ আৰম্ভ কৰে শৰতে ৷ মায়াময়, জোনাকময়, স্নিগ্ধময় শৰৎ
৷ নিয়ৰৰ
অৱগুণ্ঠনৰ আঁৰত লুকাই মিচিকিয়া হাঁহিৰে পদূলিমখত হিমসনা শেৱালিৰ সুকোমল সুবাসে ক’ব
খোজে শৰৎ অহাৰ কথা ৷ শেৱালিৰ সুকোমল সুবাসে আগলি বতৰা দিয়াৰ সময়ত বালিমাহী চৰাইজনীয়েও চোঁতালে
চোঁতালে তা-তা-থেই-থেই নাঁচি শৰতৰ চিঠি
বিলায় ৷ সেই চিঠিতেই আঁকি দিয়া শৰতৰ সৌন্দৰ্যই আমাৰ সকলোৰে হিয়া মন নচুৱায় ৷
শৰতৰ আকাশত জোনৰ জিৰি জিৰি জোনাকৰ ফাকুগুৰিত কোমল জোনাকে মনবোৰ আকুল কৰি তলসৰা
শেৱালিৰ মৃদু মধুৰ সুবাস
লৈ হৃদয়লৈ কঢ়িয়ায় আনে নিভাঁজ প্ৰেমৰ এটি মিঠা সুগন্ধ ৷ যেন
শৰতৰ আজন্ম প্ৰেয়সীহে শেৱালি ৷
শৰতৰ উতলা অনুৰাগত আকাশখনো নদীত ডুবে ৷ এমুঠি স্নিগ্ধ
জোনাকৰ শৰতে পৃথিৱী চুমিব ধৰে ৷ বতাহত শেৱালিৰ আমোল-মোল সুবাস আৰু আকাশৰ নীলিম উদাৰতাই শৰতৰ
অপৰূপ প্ৰাকৃতিক পৰিবেশক আৰু অধিক আকৰ্ষণীয় কৰি তুলে ৷ শৰতৰ নীলাভ আকাশত জোনবায়ে ধৰা পৃষ্ঠৰ বুকুত জোনাকৰ বৰষুণ
ঢ়ালি প্ৰকৃতিৰ বুকুত শ্যামলী গহীন সাজে সদ্যস্নাতা নাৰীৰ দৰে ৰূপত
ৰহণ সানে ৷ নীলিম আকাশত কোলাহল
কৰি উৰি যোৱা জাক
জাক ঘৰমুৱা পক্ষীজাকলৈ
চাই নদীৰ পাৰত কহুৱাঁই জিৰ জিৰ ময়লাৰ চেৱে চেৱে বিবিধ নৃত্যৰ ভংগিমাৰে
উন্মনা হৈ পৰে ৷
Saratar Sewali/ Feelings of
Autumn/Autumn Season in Assam
গ্ৰীষ্মই
দেই পুৰি নিয়া বৰষাই সেমেকোৱা মন-দেহ-প্ৰাণবোৰ শৰতৰ অমিয়া প্ৰেমৰ উমাল পৰশত শাত
পৰি যায় ৷ শৰৎ মানেই আকাশৰ ক’লীয়া ডাৱৰ, মেঘৰ গুমগুমনি, ধাৰাসাৰ বৰষুণ, ওফন্দি থকা নদ-নদী,
জান-জুৰি, গ্ৰীষ্মৰ উৎকট গৰম সকলোকে শাম কাটি
প্ৰকৃতিৰ বুকুলৈ কঢ়িয়ায় আনে এক নতুন প্ৰত্যাশা ৷ জিলিকি থকা
বিস্তীৰ্ণ সেউজীয়া পথাৰত আহিনৰ মৃদু বতাহত শৰতৰ সোণোৱালী সাজোন- কাচোন
আৰু এবুকু হেঙুলীয়া আভাৰে হালি জালি কৈ হাঁহি থকা শস্যৰ
ৰূপ লাৱণ্য দেখি কৃষকৰ নয়নৰ সপোন সাৰ্থক হয় ৷ কৃষকৰ হাড় ভগা পৰিশ্ৰমেৰে সপোন ৰচা
উখল মাখল পথাৰত বলি থকা সেউজীয়া ঢল দেখি কৃষকৰ মুখত হাঁহি বিৰিঙি
উঠে, কঢ়িয়ায় আনে মনলৈ প্ৰাচুৰ্যৰ বতৰা ৷
শৰৎ মানেই আকাশত আলসুৱা শুকুলা মেঘৰ আঁৰে আঁৰে
মধু জোনাকে খেলা লুকা-ভাকু, পুৱাৰ সোনোৱালি ৰ’দে জিলমিল কৰা দূবৰিৰ আগত ওলমি ৰোৱা নিয়ৰ টোপাল, উশাহত
শেৱালি ফুলৰ সুবাস আৰু কহুৱাঁ ফুলৰ মন প্ৰাণ হৰি নিয়া
নৈসৰ্গিক দৃশ্যত প্ৰিয়জনলৈ বৰকৈ মনত পৰা অনুভূতি ৷ শৰতক পাই এনে লাগে যেন হেৰুৱা সকলো সপোন ঘূৰাই
পাওঁ ৷ শৰৎ প্ৰতিজন ব্যক্তি জীৱনৰ অবিচ্ছেদ্য অংগ ৷ প্ৰতিটো অবুজ মনৰ ৰামধেনুৰ
স্বপ্ন ৷ শৈশৱৰ ধেমালি আৰু কৈশোৰৰ সপোনেৰে শৰৎ এক জীয়া নষ্টালজিয়া ৷ দুবৰিৰ দলিচাত উপজি পুঁৱাতেই সৰি পৰা শেৱালিৰ সুবাস বুটলি বুকু জুৰাই উশাহত ভৰাই লোৱা
হাবিয়াসৰ নামেই শৰৎ ৷ শৰৎ আৰু
শেৱালি বুলিলেই মনটো যেন কোনোবাখিনিত শিহৰিত হৈ পৰে ৷ উৰি যাব খোজে যান্ত্ৰিকতাৰ
পৰা এটি নিভাঁজ
সৰল জীৱনলৈ ৷
Sewali Assamese Feeling/ Saratar Sewali/ Feelings of Autumn/Autumn
Season in Assam
শৰৎ,
মানুহৰ শিৰাই শিৰাই প্ৰবাহিত হৈ থকা অফুৰন্ত উলাহৰ নাম ৷ সকলো দুখ-বেদনা, অপ্ৰাপ্তি-হতাশাৰ অন্তত শৰতে প্ৰত্যেকৰ জীৱনলৈ কঢ়িয়ায় আনে
সঞ্জীৱনী সুধা,
যিয়ে প্ৰদান কৰে জীৱনত এক নতুনত্ব,
ন-সম্ভাৱনা আৰু নতুন আশা ৷ শৰৎ মানেই
দেৱী দুৰ্গা শক্তিৰ এচমকা চমকনি ৷ যি অসূয়া-অপ্ৰীতি, হিংসা-দ্বেষবোৰ আঁতৰাই সিঁচি থৈ যায় মন হৃদয়ত স্বত:স্ফূৰ্ত
আনন্দৰ অনাবিল সুখ-সমৃদ্ধি আৰু পৱিত্ৰতাৰ শুভ বাণী ৷
Also Read
নীলা খামৰ চিঠি -Assamese
Love Letter
***===***
No comments
Post a Comment