New Post

Assamese Romantic Love Story - শেৱালি -Siyor

Assamese Romantic Love Story  “শেৱালি”--- হৃদয়ৰ  এক প্ৰতিশ্ৰুতি - Assamese Romantic Love Story -Siyor


assamese romantic love story,অসমীয়া প্ৰেম কাহিনী, অসমীয়া ভালপোৱা কাহিনী, নতুন অসমীয়া প্ৰেমৰ কাহিনী, ভালপোৱা কাহিনী, প্ৰেম কাহিনী,ভালপোৱাৰ কাহিনী,অসমীয়া ৰোমাণ্টিক গল্প
assamese romantic love story
 

 Assamese Romantic Love Story/ Heart Touching Assamese Love Story / 

               শান্ত হৈ বৈ থকা নদীখনৰ পাৰৰ ডাঙৰ শিলটোত বহি ৰমেনে নৈখনলৈ চায় আছে ৷ এই ঠাইখন তাৰ বৰ প্ৰিয় ৷গোটেই  দিনটো কষ্ট কৰি সি প্ৰায়ে তাৰ চিনাকি এই  ঠাইখনলৈ আহে৷ ইয়াৰ শান্ত পৰিবেশত বহিলে সি তাৰ দিনটোৰ সমস্ত  দুখ ভাগৰ কথা পাহৰি যায় আৰু জোনালী যাৰ সহজ-সৰল নিবিড় কথোপকথনত জোনাকৰ মাজত সি জীয়াই থকা অপ্ৰকাশিত হেপাঁহবোৰ বিচাৰি পায়৷

    অ’ই কি চায় আছ নৈখনলৈ ইমানকে ? জোনালীয়ে মাত লগাই তাৰফালে আহি সি বহি থকা শিলটোত বহিলেহি ৷

-আহিলি ৷

-ওমম্ ৷

    আকৌ সি নৈ খনলৈ চালে ৷ তাৰ বুকত পাৰ ভঙা আৱেগ উথলি উঠে যেতিয়া জোনালী তাৰ কাষত বহেহি ৷

- কি ভাবি আছ ইমান ? ৰমেনৰ মৌনতা জোনালীৰ ভাল লগা নাছিল ৷ সেয়ে তায়েই সুধিলে ৷

-একো নাই  অ’ এনেয়ে নদীখন চায় ভাল লাগিছে

- হ’ব তই মোক ফাঁকি দি লাভ নাই কি হল ক’...?

অসমীয়া প্ৰেম কাহিনী/অসমীয়া ৰোমাণ্টিক গল্প /অসমীয়া ভালপোৱা কাহিনী/ নতুন অসমীয়া প্ৰেমৰ কাহিনী/ ভালপোৱা কাহিনী/ প্ৰেম কাহিনী /ভালপোৱাৰ কাহিনী

- তইটো জানৈই জোনালী মোৰ আপোন বুলিবলৈ কোনো নাই ৷ সৰুতেই মা-দেউতাক হেৰুৱালো, শৈশৱটো কি বুজিয়েই নাপালো, খেলা-ধূলা কৰা বয়সত চহৰৰ হোটেলত কাম কৰি পেটৰ তাৰণা পুৰায় ডাঙৰ হৈছো ৷ যেতিয়া তই মোৰ জীৱনলৈ আহিলি লাহে লাহে জীৱনটো কি বুজি পালো, সেয়ে দিন ৰাতিয়ে কষ্ট কৰি অলপ পইচা গোটায় চহৰৰ পৰা ঘৰলৈ আহি ঘৰৰ মাটিখিনিতে চাহৰ খেতি অলপ আৰম্ভ কৰিছিলো ৷ এতিয়া মোৰ ভালকে নহেলেও অলপ উৰ্পাজন হ’ব ধৰিছে ৷ নিজৰ ভৰিত নিজে থিয় দিব পৰা হৈছো ৷ তোক হিৰা মুকুতা দি এতিয়া বিয়া পাতিব পৰা ক্ষমতা নাই যদিও তোক সুখৰ দুমোঠি ভাত খোৱাই ৰাখিব পৰা সামৰ্থ্য আজি মোৰ হৈছে ৷

- অ’ই তই মোৰ ভালপোৱাক কিয় টকা পইচাৰ লগত তুলনা কৰিছ..? তয়ে মোৰ জীৱনৰ সুখ, তোৰ অবিহনে মোৰ জীৱনৰ একো মূল্য নাই ৷ সৰু পৰাই ময়ো অভাৱতে ডাঙৰ  হৈছো তইতো জানই মোৰ সকলো কথা ৷দেউতাৰ অবিহনে মায়ে কেনেকৈ মোক ডাঙৰ কৰিছে সেয়া সদায় দেখি আহিছো ৷ অভাৱ কি বুজি পাওঁ ময়ো কিন্তূ অভাৱত ডাঙৰ হৈয়ো আমি জানো সুখী নহয় ৷ আমিও হ’ব পাৰিম ৷ জোনাকৰ দলিচা পাৰি আমাৰ সপোনৰ সৰু ঘৰখন গঢ়ি তুলিম আৰু কি জান মোৰ তোৰ ওপৰত নিজতকৈয়ো বেছি বিশ্বাস আছে, এদিন নহয় এদিন ভাল দিন আহিব আমাৰো ৷

    এনেবোৰ কথাৰ বাবেই অকলশৰীয়া মুহূৰ্তবিলাকত সি জোনালীক বিচাৰে ৷ যেন শান্ত হৈ থকা নদীখনৰ দৰে সি আনে নোপোৱা বহুত কিবাকিবি জোনালীৰ কথাবোৰৰ পৰা পায়

-তোৰ কথাবোৰে মোক সদায় আগুৱায় যোৱাত প্ৰেৰণা দিয়ে জান ৷ তই মোৰ জীৱনলৈ নহা হ'লে মোৰ জীৱনৰ ৰংবোৰ চাগে অৰ্থহীন হৈ পৰিলেহেঁতেন ৷

 -অ’ই বাদ দে এইবোৰ কথা ৷ শুন তোৰ কাৰণে কিবা এটা আনিছো ৷

-কি আনিছো ?

- হাতখন পাত ৷

Assamese True Love Story / Assamese Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of Assamese

    জোনালীয়ে তাইৰ চুৰ্ণীয়ে মেৰিয়াই অনা কেইপাহমান মৰহি যোৱা শেৱালি ফুল ৰমেনৰ হাতত দিলে ৷

-জোনালী ! ৰমেনে নিৰ্বিকাৰ হৈ  জোনালীলৈ চায় থাকিল ৷

-তোৰ মনত আছে ৰমেন আমাৰ প্ৰেমৰ সাক্ষী হিচাপে নামঘৰ বাকৰিত ৰুৱা শেৱালি পুলিটোৰ কথা ৷ ৰমেনৰ মুখখন যে হঠাতে কিবা এটা আৱেগে আহি খুন্দা মাৰি ধৰিলেহি ৷

- আছে জোনালী ৷

-তই-মই ৰুৱা শেৱালী জোপাহ ফুলিব ধৰিছে ৷ কালি আবেলিপৰত বৰপিতাইহঁতৰ ঘৰলৈ যাওঁতে শেৱালিৰ সুগন্ধিয়ে মোৰ মনত শিহৰণ তুলিছিলমোক যেন টানিহে নিছিল তালৈনামঘৰ বাটচৰাত সেৱা জনায় সোমায় দেখিলো আমি ৰুৱা শেৱালি জোপাহ ফুলিছে ৷ এই কেইপাহ সৰি পৰি আছিল আজি তোৰ কাৰণে বুটলি লৈ আনিছো ৷ আৱেগৰ আনন্দত ৰমেনৰ চকু সেমেকি উঠিল ৷

-ৰমেন কি হল তোৰ আকৌ ৷

অসমীয়া প্ৰেম কাহিনী/অসমীয়া ৰোমাণ্টিক গল্প /অসমীয়া ভালপোৱা কাহিনী/ নতুন অসমীয়া প্ৰেমৰ কাহিনী/ ভালপোৱা কাহিনী/ প্ৰেম কাহিনী /ভালপোৱাৰ কাহিনী

    ৰমেনৰ মনটো যেন ক্ষণিকতে নষ্টালজিক হৈ পৰিল ৷ চকুৰ আগতে সকলো কথা লাহে লাহে ভাঁহি আহিব ধৰিল ৷ এদিন সিহঁতৰ প্ৰেমৰ সাক্ষী হিচাপে  বিশ্ব পৰিৱেশৰ দিনা নামঘৰৰ বাকৰিত ৰুইছিল এটি শেৱালি পুলি ৷ আৰু সেইদিনাই সি জোনাকীক প্ৰতিশ্ৰুতি দিছিল.... জোনালী আমাৰ প্ৰেমৰ সাক্ষী হিচাপে ৰুৱা এই শেৱালি পুলিটো ফুলাৰ দিনা তোৰ শিৰত সেন্দুৰ আঁকি তোক চিৰ জীৱনৰ কাৰণে মই নিজৰ কৰি ল'ম ৷ ৰমনেৰ আবেগ ভৰা কথা শুনি জোনালীৰ চকুজুৰি সেমেকি উঠিছিল আজি ৰমেনৰ জোনালীক দিয়া প্ৰতিশ্ৰুতি পুৰণৰ দিন ৷ কিমান বছৰৰ পৰা সি তাৰ শেৱালিজোপা ফুলালৈ বাট চায় আছিল ৷ কিমান বাৰ সি শেৱালিজোপাৰ কাষত ৰৈ তাৰ মনৰ কথাবোৰ পাতিছে যেন শেৱালি জোপায়ো তাৰ মন বুজি উঠিছে ৷

    স্নিগ্ধ জোনৰ জিৰিজিৰি জোনাকৰ ফাকু গুৰিত লাজুকী চাৱনিৰে ওৰণি টানি শেৱালিৰ মনোমোহা সুবাসে আদৰি আনিছে শাৰদীৰাণীক ৷

Assamese True Love Story / Assamese Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of Assamese

    - অই ৰমেন কি হল ? কি ভাবিছোঁ ইমান ? কি কৰিম বুলি ভাবিছো তই এতিয়া...তোৰ মোৰ শেৱালিজোপাহ ফুলিল.....আজিকালি ঘৰত থাকিলেও তোকে অনবৰতে বিচাৰি থাকে মোৰ হৃদয়খনে...তই জানো নাজান মোৰ মনৰ  কথাবোৰ ....জোনালী সৰু ছোৱালীৰ দৰে ফেকুৰি উঠিল

    ৰমেনে কেতিয়াওঁ জোনালীৰ চকুত অকনো চকুপানী চাব নোৱাৰে, সদায় তাইৰ হাঁহি থকা মুখনিহে ভাল পায়, কিন্তূ কিয় জানো তাৰ আজি জোনালীক তেনেকৈয়ে বৰ মৰম লাগিছে ৷

- কি চায় আছ ... একো নকয় কিয় তই ?

-তোক চাইচো শেষ বাৰৰ বাবে এই ৰূপত মোৰ সোণজনী ৷

    জোনালীয়ে একো বুজি নাপালে ৷ৰমনে তাইৰ চকুৰ পৰা বৈ থকা অশ্ৰু খিনি নিজ হাতৰে মুচি দিলে ৷ তোক নিজৰ কৰি বলৈ ময়ো বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো মাথোঁ বাট চায় আছিলো তোক দিয়া প্ৰতিশ্ৰুতি আৰু আমাৰ প্ৰেমৰ সাক্ষী হিচাপে ৰুৱা শেৱালিজোপা ফুলালে, আজি আমাৰ শেৱালিজোপাই আমাৰ মনৰ কথাবোৰ শুনিলে ৷ চা জোনালী আজি শৰতৰ সন্ধিয়াতে নামঘৰত ৰাইজৰ আশিস লৈ তোক চিৰদিনৰ কাৰণে নিজৰ কৰি লম ৷ তোৰ জীৱনত ৰামধেনুৰ ৰং সানিবলৈ মাথোঁ ৰৈ আছিলো মোৰ হৃদয়ৰ প্ৰতিশ্ৰুতি শেৱালীজোপাহ ফুলালৈ ৷ আজি  মোৰ প্ৰতিশ্ৰুতি পুৰণৰ দিন, আমাৰ শেৱালী জোপাৰ সপোন পুৰণৰ দিন ৷ মই গাওঁবুঢ়া দেউতাৰ লগত কথাটো আলোচনা কৰোগে আৰু তয়ো মাক কৈ গৈ মই সন্ধিয়া গৈ আছো ৷

    জোনালীয়ে যেন অবাক হৈ ৰমেনলৈ চায় থাকিল ৷ ৰমনে জোনালীক নিজৰ দুবাহুৰে সাবটি ধৰিলে আৰু জোনালীয়েও তাক আৱেগেৰে সাবতি ধৰিলে ৷ সিঁহতৰ মৰমৰ মধুময় ক্ষণতিত যেন মৰহি যোৱা শেৱালি কেইপাহেও সিঁহতৰ মৰমৰ পৰশত শেৱালি সুগন্ধিয়ে সুবাসিত হৈ চৌপাশে বিয়পি পৰিছে৷

Also Read 

 আৰম্ভণি এক পবিত্ৰ সৰ্ম্পকৰ -Love You Forever

হৃদয়খন যেন সঁচাই এক বৰ অবুজ সাঁথৰ !! 

***সমাপ্ত***

No comments