New Post

সময় - Assamese Heart Touching Poem - Siyor

Assamese Heart Touching Poem - Siyor

assamese heart touching poem, assamese poem, assamese romantic poem
assamese heart touching poem
 

Assamese heart touching poem

 সময় 

কেতিয়াবা এজাক বতাহৰ দৰে লৈ আনে সুগন্ধি সুখৰ মাদকতা,

আৰু কেতিয়াবা বিধ্বংসী ধুমুহা দৰে আহি;               

পলকতে নিঃশেষ কৰি পেলায় সেই মাদকতা !

কেতিয়াবা প্ৰাপ্তিৰ হেপাঁহেৰে লৈ আনে অফুৰন্ত হাঁহি,

আৰু কেতিয়াবা হেৰুৱাৰ যান্ত্ৰণাত উলিয়ায় দিয়ে চকুৰ পানী !

কেতিয়াবা দুচকুলৈ কঢ়িয়াই আনে অজস্ৰ সপোনৰ আশা,

আৰু কেতিয়াবা ভগ্ন সপোন হৈ দিয়ে হিয়া জুৰ পৰি যোৱা নিৰাশা !

কিন্তু সময় জানো সলনি হব নিজে কেতিয়াবা,

মাথোঁ সময়ক আমাৰ অনুভৱৰে নামাকৰণ কৰো ভাল নে বেয়া !

আৰু সময়সময় হৈয়ে নদীৰ দৰে বৈ গৈ থাকে সদায় ৷

 

Heart Touching Sad Poems about Depression in Assamese 

  'দ - এচমকা আশাৰ উত্তাপ

দৰ উত্তাপত সুগন্ধিত হৈ পাহি মেলিব খোজে,

মন মাৰি হৃদয়ত সোমায় থকা হাঁহিটোয়ে !           

জীৱন নদীত সুখ-দুখৰ বঠা মাৰি           

হৃদয়ত সোমায় থকা হাঁহিটোৱে কব খোজে,

জীয়াই থাকিবলৈ মোক মাথো অলপ ৰদৰ উত্তাপ লাগে ৷

 

Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese

আজিৰ পৰা সুখী হ'ম মই 

আজিৰ পৰা সুখী হ'ম মই

উৰুৱাই দিম আজি মোৰ সমস্ত বিষাদ বেদনা

মোৰ হাঁহিত ফুলি উঠিব এখন হেঁপাহৰ নতুন ফুলনি

কিমানো সহ্য থাকিম বিষাদৰ অব্যক্ত বেদনাৰ সুৰবোৰ

কিমানো লৈ ফুৰিম ভগ্ন হৃদয়ৰ যান্ত্ৰণাবোৰ

অসহায় প্ৰেমিকৰ বুকুভৰা গাথাবোৰ ...

 

বাদ দিলো … বাদ দিলো আজিৰপৰা তোক বিষাদ বেদনা

বিশ্বাসঘাটকতাৰ বিষাদ বেদনাৰ অগ্নিয়েই

হৃদয়ৰ শ্মশানত সৎকাৰ কৰি

আজি সুখী হোৱাৰ প্ৰতিশ্ৰুতি লম মই

দাহ যাব আজি দহনত তোমাৰ তাচ্ছিল্যতা আৰু

তোমাৰ অভিনয়ৰ সমস্ত মৰম ভালপোৱা ৷

 

এদিন তুমিয়ে লৈ গৈছিলা মোক ভালপোৱাৰ স্বপ্নপুৰীলৈ

মৰমৰ এখন বিশাল আকাশ দেখুৱাই

মোৰো আছিল এখন আলসুবা হৃদয় তেতিয়া

সেয়ে দি দিলো মোৰ হৃদয়খন তোমাক উপহাৰ

ৰাখিবলৈ সেউজীয়া কৰি তোমাৰ মৰমৰে সদায়  !

 

তেন্তে কি দোষ আছিল মোৰনুসুধু আজি তোমাক

বিশ্বাসঘাট কৰাতো নাছিলো কোনোদিন তোমাক

যদিও আহিছিল অলেখ পৰী মোৰ কাষলৈ

লোৱাতো নাছিলো কাৰো হৃদয় মিছা অভিনয়েৰে ধাৰলৈ

নিয়া নাছিলো কোনোদিন তোমাক বন্ধ কোঠালৈ

তোমাৰ দেহৰ আবৰণ খুলি কামনা পূৰাবলৈ

বিচৰা নাছিলো কাহাঁনিও তোমাৰ দুচকুত চকুলো

সেয়ে তোমাৰ বেয়ালগাবোৰো হাঁহি-মুখে মানি লৈছিলো 

 

তেন্তে… তেন্তে কিহৰ দোষৰ ইমান শাস্তি দিলা মোক

নিসংগতাৰ কাৰাগাৰত সোমাই

কক বকাই থাকিবলৈ দি গলা এবুকু যান্ত্ৰণা

দেখা নাছিলা জানো তোমাক হেৰুৱাৰ ভয়ত

কেনেকৈ চিৎকাৰ কৰি উঠিছিল হৃদয়খন

তথাপিও তুমি তাচ্ছিল্যতাৰে অপমান কৰি মোক এৰি গুছি গলা 

 

কিন্তু ... দহনত ভস্মিভূত হোৱা তোমাৰ মিছা মৰমৰ শপত

আজিৰ পৰা সুখী হ'ম মই

নিৰবতাত নিলিখো তোমাৰ বিৰহত আৰু বিষাদৰ কবিতা

হোৱাটচ্ এপত ট্ৰেজেদিৰ ষ্টেটাচ দি  নহওঁ আৰু দেবদাস

জীৱনটো এবাৰেই পাইছো যেতিয়া

কান্দি কান্দি কিয় নিজে দুখী হৈ তোমাক সুখী কৰাম

নাকান্দো আৰু  বেদনাৰ অশ্ৰুো নিগৰাই

মোক ভালপোৱা সকলৰ বাবেই

নকৰো নষ্ট মোৰ অশ্ৰুোৰ এটি টোপালো 

 

আজি জনালো বিদায় তোমাক

তুমি দিয়া বিষাদ বেদনাৰ সৈতে

আজিৰ পৰা বহুত বেছি সুখী হ'ম মই,

আজি প্ৰেমত পৰিম নিজ ব্যক্তিত্বৰ

বিৰহৰ বেদনাত জধলা হৈ পৰা দাড়ি-চুলি কাটি

ন ৰূপত চাম আজি নিজক নিজে বহুদিনৰ মুৰত

তুমি নহাৰ আগতেই সদায় মুখত মিচিকিয়া হাঁহি থকা

লৰাটো হৈ কথা দিলো তোমাক...

আজিৰ পৰা সুখী হম মই

তোমাক পাহৰি চিৰদিনৰ বাবেই

 ***************************

Also Read

সোণালী পথাৰ

যান্ত্ৰিকতাৰ বলি হলো অমা 

মনত পৰেনে তোমাৰো কেতিয়াবা !

হাগৰ প্ৰথম বৰষুণ জাক  

তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি

তোমাক পাহৰিব বিচাৰিছো

কথা আছিল ! কথা নাছিল !


No comments