New Post

ব’হাগৰ প্ৰথম বৰষুণ জাক - assamese love poem - Siyor

 হাগৰ প্ৰথম বৰষুণ জাক  

Poems For Loved Ones, assamese love poem, Love Poems For Her From The Heart
assamese love poem


 Poems For Loved Ones: Love Poems For Her From The Heart

 

গুন গুন সুৰ এটি হৈ

আহিছে হাগৰ প্ৰথম বৰষুণ জাক 

হিম শীতল এচাটি চেঁচা সুবাস লৈ

হাগৰ আকাশত কজলা মেঘে বজাইছে গাজনিৰ ঢোল

মোৰ দেহ মনত লগাইছে আনন্দৰ বোল

কিয়নো হাগৰ প্ৰথম  বৰষুণ জাক মোৰ বুকুৰ আপোন 

নামিছে বুকুত  মায়াবী সপোনৰ শিহৰণ

হাগৰ আকাশৰ পৰা বৰষুণৰ টোপালবোৰত

তিতিছিলো তোমাৰ সতে  এনে এজাক বৰষুণত

সেয়ে হাগৰ প্ৰথম  বৰষুণ জাক মোৰ প্ৰিয় ৷৷

চিপ চিপ্ মায়াবী বৰষুণজাকত

কলেজৰ বগা ইউনিফৰ্ম জোৰে তোমাক

সপোনৰ পৰী যেন লাগিছিল

তোমাক দেখি পাহৰি গৈছিলো বিষাদৰ সকলো ৰাগিণী

খিলখিলাই হাঁহি উঠিছিল

বৰষুণৰ কণ কণ ৰূপালি তৰা

ভালপোৱাৰ গান গুণ গুনাই !

কজলা আকাশত  মেঘে মাৰিছিল গাজনি

মোৰ হাতৰ আঙুলিৰ ফাঁকত

ধৰিছিলা তোমাৰ আঙুলিৰে ভয়ত চেপি

আজিও জীপাল হৈ আছে

হৃদয়ৰ কোনোবা কোণত সেই অনুভূতি ৷৷

আহিবানে আকৌ  হাগৰ প্ৰথম  বৰষুণ জাক হৈ তুমি

জীপাল কৰিবলৈ মোৰ হৃদয়ৰ পথাৰখন

তোমাৰ হাতত হাত ধৰি আকৌ  হিয়া ভৰি তিতিম

দুহাত মেলি বৰষুণৰ টোপালবোৰ চুই খিলখিলাই হাঁহিম

হৃদয়ে কৰিব গুণগুণ বোৱাই ভালপোৱাৰ নদীখন

নিবিড়ভাবে সাৱটিবা বৰষুণ জাকৰ কোমল পৰশত

বুকত শুই থকা সপোনে সাৰ পাই উঠা আবেগৰ ৰোমন্থনত

হাঁহি কান্দোনৰ মাজত নাজানো 

হেৰাই  জীৱনৰ ৰংবোৰ

তথাপি হিয়া উজাৰি অপেক্ষা কৰিছো

তিতিবলৈ তোমাৰ সৈতে বহাগৰ প্ৰথম বৰষু জাকত !

 Poems For Loved Ones: Love Poems For Her From The Heart

যদিও ৰাখিব নোৱাৰো তোমাক আজন্ম মোৰে কাষত

তথাপি হিয়া উজাৰি আশা কৰো বসন্তৰ দুৱাৰ দলিত

আহিবা সেউজীয়া সপোন হৈ হাগৰ প্ৰথম বৰষু জাকত তুমি

বাৰুকৈয়ে প্রয়োজন আজি মোক

হিম শীতল চেচাঁ পৰশ দিয়া সেই বৰষুণজাকৰ ৷৷

************************************

Also Read

সোণালী পথাৰ

সময় 

যান্ত্ৰিকতাৰ বলি হলো অমা 

মনত পৰেনে তোমাৰো কেতিয়াবা !

তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি

তোমাক পাহৰিব বিচাৰিছো

কথা আছিল ! কথা নাছিল !


No comments