তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি - assamese breakup poetry - Siyor
তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি
assamese breakup poetry |
Sad
Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression
in Assamese / Sad Love Poetry in Assamese
জোনাকী
অতীতৰ দুখৰ দিনত
স্বাভিমানত
আত্মহত্যা কৰিছিল
জোনাকত
তিৰবিৰাই থকা
মোৰ
অনুভূতিবোৰে,
তোমাৰ
কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি ৷৷
অলপ
বুজা আৰু বহু নুবুজা
আবেগৰ
মায়াজালত দিয়া
তোমাৰ
ভূৱা প্ৰতিশ্ৰুতি আৰু প্ৰতাৰণাৰ শব্দবোৰে
ছুড়মাৰ
কৰি থানবান কৰিছিল মোৰ হিয়া
যেন অভিমানৰ শূণ্যতাৰে চেপা
উশাহে আছিল সেয়া ৷৷
*************************************
Sad
Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression
in Assamese / Sad Love Poetry in Assamese
তোমাৰ প্ৰতাৰণা !
আজি
মোৰ বাবে হৃদয় ভাঙি চুৰমাৰ কৰা এক কলা !!!
মই কেতিয়াও প্ৰেম
বিচাৰি যোৱা নাছিলো
মাথো আবেগৰ সোঁতে যিফালে
লৈ ঢাল লৈছিল
সেইফালেই গতি কৰিছিলো
কব নোৱাৰাকৈয়ে আবেগৰ সোঁতবোৰ
তোমাৰ ফালে ঢাল খাইছিল
তোমাৰ হৃদয়ত থকা সাগৰখনত মিলন হবলৈ ॥
তুমি নহাৰ আগতে সময়বোৰ ভালদৰে চলি আছিল
য’ত জীৱনৰ প্ৰতি কোনো মায়াময় আবেগ
নাছিল
তুমি আহি বিয়পি
পৰিলা মোৰ হৃদয়ত
সুগন্ধিত এপাহি ফুলৰ সুবাস
হৈ
কোনোদিনে নেদেখা নতুন পৃথিৱী এখন
দেখা পালো তোমাৰ দুচকুতেই ॥
নিজকে হেৰুৱাই পেলালো তোমাৰ মাজতেই
মইবোৰ যে তুমি হৈ পৰিলা লাহে লাহে
সপোনবোৰ জাগি উঠিল
দুৰত্ব বোৰ কমি আহিল
থাকিব নোৱাৰা হৈ পৰিলো
তোমাৰ অবিহনে
তুমি কাষত থাকিলে
সময়বোৰ যেন চকুৰ টিপতে পাৰ হৈ যাব ধৰিলে
মোৰ আকাশৰ জোনাক হৈ পৰিলা তুমি
শব্দৰে হয়তো বুজাব নোৱাৰিম কোনোদিনে ॥
কিন্তু লাহে লাহে কথাবোৰ আউল লাগিব ধৰিলে
ভাল লগাবোৰ বেয়া লগালৈ পৰিবৰ্তন হ’বলৈ ললে
আবেগবোৰ অভিনয়ৰ অখৰালৈ ৰূপান্তৰিত হৈ পৰিল
আৰু শেষত অনুভব কৰিবলৈ বাধ্য কৰালা
মই যেন তোমাৰ আকাশৰ জোন নহয়
যি তোমাক সহায় পোহৰাই ৰাখিব বিছাৰিছিল ॥
Sad
Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression
in Assamese / Sad Love Poetry in Assamese
তুমি মোক এনেকুৱা এখন পৃথিৱী দেখুৱালা
যাক মই কেতিয়াও কোনোদিনে দেখা নাছিলো
এদিন তাৰ সত্যতাৰ প্ৰমাণ কৰি
বিশ্বাস কৰিবলৈ বাধ্য কৰালা
সেয়াও যে আছে এই পৃথিৱীতে ॥
নিমিষতে মই তোমাক লৈ দেখা
সপোনৰ ঘৰখন ভাঙি পেলালা
আচলতে তুমি মোৰ জীৱনত
পোহৰ নহয় আন্ধাৰ বিলাবলৈ আহিলা
তথাপি মই তোমাক কেতিয়াও প্ৰশ্ন নকৰো ।
তুমি মোক কিয় প্ৰতাৰণা কৰিলা ?
কিন্তু দুখবোৰে যেতিয়া হেচাঁ মাৰি সুধে
মোৰ দোষ কি আছিল.. কি দোষত
তুমি মোৰ লগত এনেকুবা কৰিলা ???
তেতিয়া বৰ দুখ লাগে জানা
মাত্ৰ এবাৰ কৈ যোৱা হ’লে মাত্ৰ এবাৰ
হাঁহি মুখে তোমাৰ জীৱনৰ পৰা গুছি গলোহেঁতেন
কেৱল তোমাৰ সুখৰ বাবেই ॥
আৰু কি জানা এতিয়া যে মই নতুন প্ৰেমিক নিংসগতাৰ
ব্যস্ততা মোৰ নতুন ঠিকনা
আৰু তোমাৰ প্ৰতাৰণা !
আজি মোৰ বাবে হৃদয় ভাঙি চুৰমাৰ কৰা এক কলা !!
Also Read
তোমাৰ
সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো
No comments
Post a Comment