New Post

কথা আছিল কথা নাছিল - assamese heart touching love poem - Siyor

 কথা আছিল ! কথা নাছিল !

 

Sad Breakup Poetry, Assamese Sad Poetry, Heart Touching Sad Poems about Depression in Assamese, Sad Love Poetry in Assamese
assamese heart touching love poem

কথা আছিল হাস্নাহানাৰ গোন্ধত 

জোনাকি নিশা মুকলি আকাশৰ তলত বহি কথা পতাৰ !

কথা নাছিল বতাহত কঁপি অহা তোমাৰ মাতত

অশ্ৰুৰ সাগৰত ডুবি মোৰ শিতানৰ গাৰু সেমেকা কৰাৰ ! 

 

Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese

কথা আছিল আশাৰ দলিচাত  ভৱিষ্যত অংকন কৰি

আমাৰ সপোনবোৰক  বাস্তৱ ৰুপ দিয়াৰ !

কথা নাছিল দুখৰ সুবাস হৃদয়ত লৈ

স্মৃতিৰ ধুমুহাত জীৱনৰ ধ্বংসলীলা চোৱাৰ !

প্ৰেম মানে নহয় অবলিয়া বান 

স্মৃতিৰ সপোন দেখি অশ্ৰুৰ সাগৰত ডুবি থকাৰ ! 

নোৱাৰো আজি এধানি কোমলতাক হৃদয়ত আদৰিব

সপোনৰ দুবৰি গচকি নিজক আকৌ জিপাল কৰিব ৷৷ 

 

Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese

 


তোমাৰ অবিহনেও তোমাক একপক্ষীয়ভাবে আজিও সিমানেই ভালপাওঁ

 



এদিন ঘুৰি নহাৰ প্ৰতিশ্ৰুতি দি ওলায় গৈছিলা তুমি

চিৰদিনৰ বাবে মোৰ জীৱনৰপৰা

তেতিয়াৰে পৰা উজাগৰে কটাইছো

ৰাতিবোৰ হুমনিয়াত

শীতৰ সেমেকা নিশাবোৰে

মোৰ দুচকুৰে চকুলো নিগৰাই

বতাহত ভাহি অহা

তোমাৰ কথাবোৰে

বাৰে বাৰে হৃদয়খন কপাই যায় 

 

আজি তুমি মোৰ একো নোহোৱা

না মই তোমাৰ কোনোৱা

অথচ এটি শিহৰণৰ মিঠা অনুভৱ হৈ

তুমি হৃদয় জুৰি এতিয়াও বিয়পি আছা 

 

তুমি কোৱা মোক পাহৰি যোৱা

তোমাৰ পাহৰিবলৈ বহুত চেষ্টা কৰিছো

কিন্তু পাহৰিব হে পৰা নাই

কেনেকৈনো পাহৰি যাওঁ তোমাক

তোমাৰ মিছা মৰমবোৰক

তুমি দিয়া মিছা প্ৰতিশ্ৰুতিবোৰক 

 

নুবুজিলো মিছা হাঁহিবোৰৰ মাজত

কি লুকাই আছিল তোমাৰ

তোমাৰ হাঁহি কান্দোন খং অভিমানবোৰ

কিমান যে সুপৰিকল্পিত অভিনয় আছিল

ধৰিবই নোৱাৰিলো জানা

তোমাৰ অভিনয়ত ভুল গৈ তোমাক

বহুত ভালপায় পেলাইছিলো 

 

ভবা নাছিলো ভালপোৱা বিচাৰি

এদিন যান্ত্ৰণাৰ সতে সহবাস কৰিব লাগিব

জীয়াই থকাৰ তাড়নাত

তুমি দিয়া দুখবোৰ

প্ৰতিপল মোৰ উশাহৰ লগতেই থাকি যাব 

 

অথচ তোমাৰ একান্ত নিজস্ব সময়ত

তোমাক আমনি কৰাৰ আকাঙ্ক্ষা

এতিয়া আৰু মোৰ নাই   !

কাৰণ তোমাৰ অবিহনেও তোমাক

একপক্ষীয়ভাবে আজিও সিমানেই ভালপাওঁ 

*********************************

Also Read

সোণালী পথাৰ

সময় 

যান্ত্ৰিকতাৰ বলি হলো অমা 

মনত পৰেনে তোমাৰো কেতিয়াবা !

হাগৰ প্ৰথম বৰষুণ জাক  

তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি

তোমাক পাহৰিব বিচাৰিছো


No comments