New Post

তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো - Assamese Sad Poem - Siyor

 তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো

Assamese Sad Poem, Assamese Kobita, Sad Breakup Poetry, Assamese Sad Poetry,  Assamese Sad and Romantic Poem,  Sad Love Poetry in Assamese
Assamese Sad Poem


Assamese Sad Poem / Assamese Kobita/ Sad Breakup Poetry/ Assamese Sad Poetry / Assamese Sad and Romantic Poem / Sad Love Poetry in Assamese

তুমি ভবাৰ দৰে মই ভাবিব নোৱাৰো

তুমি বিচাৰাৰ দৰে তোমাক আপোন কৰিব নোৱাৰো

তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো 

অনামিকা আঙুলিয়ে তোমাৰ শিৰত

হেঁপাহৰ সেন্দুৰৰ ৰেখাডাল অংকন কৰিব নোৱাৰো ।

 

****************************

যান্ত্ৰণাৰ কাহিনী কেনেকৈ পাহৰোঁ !

মোৰ মনৰ জোনাকী সুবাস পাই

নুৰুবা হৃদয়ত প্ৰেমৰ আৰু ফুল 

নোৱাৰো কৰিব আকৌ সেই একে ভুল

সঁচা মৰম নামৰ সপোনটোক খেদি ভাগৰি পৰিছো

অতীতৰ যান্ত্ৰণাৰ কাহিনী কেনেকৈ পাহৰোঁ !

****************************

Assamese Sad Poem / Assamese Kobita/ Sad Breakup Poetry/ Assamese Sad Poetry / Assamese Sad and Romantic Poem / Sad Love Poetry in Assamese

হৃদয়ৰ আহ্বান 

 

ভালপাই থাকিম  আজীৱন তোমাক,

তোমাক নজনোৱাকৈয়ে মোৰ হৃদয়ৰ ভাষা 

বুকুৰ কাৰাগাৰত বন্দী কৰি থম মোৰ মনৰ কথা

তোমাক নাপালেও এই জীৱনত নকৰো একো দুখ 

মনৰ আবেগ প্ৰকাশ কৰি হেৰুৱাব নিবিচাৰো তোমাক ,

উকা ডায়েৰিৰ পৃষ্ঠাত সাঁচি থব বিচাৰো তোমাৰ সুবাসৰ ঠিকনা 

মৰম-ভালপোৱাৰ আবেগভৰা কথাৰে লিখিব খোজো

নীলাখামৰ চিঠিখনি !!!

তথাপি কাহানিও নকওঁ তোমাক হিয়াভৰি ভালপাও বুলি 

ভয় লাগে জানা তপ্ত শিখাৰ জলন্ত বহ্নি আৰেঙত

যদি জিলিকি উঠা তুমিঅভিমানী মুখখনি লৈ,

আতৰি যোৱা মোৰ কাষ এৰি যদি কওঁ

ভালপোৱাৰ কথাষাৰি 

তোমাক নোকোৱাকৈয়ে ভালপাই থাকিম

আজীৱন তোমাক,

এয়াই যে মোৰ হৃদয়ৰ আহ্বান  

****************************

 

তুমি এখন আকাশ হোৱা

 

মিছা নকওঁ তোমাক মোৰো ভাল লাগে,

সেই বুলি ভালপাব নোৱাৰিম তোমাক

কাৰণ ভালপোৱাবোৰ আজিৰ যুগত

নদীৰ খহনীয়াৰ দৰে ! হঠাতে মিলি যাব পাৰে

ভটীয়নি সোঁতত কোনো খবৰ নিদিয়াকৈয়ে ৷৷

নালাগে তুমি মোৰ সুখ দুখত সম-ভাগি হব

তাতকৈ মোৰ বাবে তুমি এখন আকাশ হোৱা

জোনাকীৰে তিৰ-বিৰাই থকা এন্ধাৰৰ নিশাটি হোৱা

যত মন গলেই লুকুৱাই ৰাখিব পাৰোঁ 

দুয়ো দুয়োৰে জীৱন পৰিক্ৰমাৰ আঘাতবোৰ  

 ********************************

Assamese Sad Poem / Sad Breakup Poetry/ Assamese Sad Poetry / Assamese Sad and Romantic Poem/ Sad Love Poetry in Assamese/ Assamese Kobita

হৃদয়খন হৈ পৰে এক বন্য হিংস্ৰ

 নিশাৰ অখণ্ড স্তব্ধতাক কৰ্কশ স্বৰেৰে খণ্ড-বিখণ্ড কৰা

ফেঁচাটিৰ চিঞৰৰ দৰে প্ৰতিধ্বনি হয় মোৰ কাণত

তোমাৰ তীক্ষ্ণধাৰ শব্দৰ বাক্যবোৰ !!

অৱচেতন মনত অহৰ্নিশে ক্ৰিয়া কৰি থকা সুপ্ত আগ্নেয়গিৰিৰ

প্ৰকট ৰূপটোয়ে জীৱনৰ কামনা পূৰণ কৰিব নোৱাৰিলে

কিয় বাৰু ক্ৰোধৰ ফণা তুলি বিবেক দংশন কৰিব খোজে  ???

অব্যক্ত আৰ্তনাদত  যেতিয়া সৃষ্টি হয় কাৰোবাক হেৰুবাৰ আংতক

প্ৰতিহিংসাৰ মনোভাৱত হৃদয়খন হৈ পৰে এক বন্য হিংস্ৰ !!!

দুঃসহ মুহূৰ্ত্তত হৃদপিণ্ডৰ স্পন্দনত

দেহৰ মাজৰে বৈ যায় বিদ্যুৎ তৰংগ !

বুকুৰ মাজত উৎকন্ঠাৰ তুমুল আলোড়নত        

দুচুকুৰ নিজৰাৰে কেৱল বৈ আহে  চকুলো দুধাৰি ৷৷

 

**********************************

Also Read

সোণালী পথাৰ

সময় 

যান্ত্ৰিকতাৰ বলি হলো অমা 

মনত পৰেনে তোমাৰো কেতিয়াবা !

হাগৰ প্ৰথম বৰষুণ জাক  

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি

তোমাক পাহৰিব বিচাৰিছো

কথা আছিল ! কথা নাছিল !


No comments