New Post

এক অবুজ শিহৰণ আছিল সেই বৰষাজাকত !! assamese romantic love story - Siyor

   এক অবুজ শিহৰণ আছিল সেই  বৰষাজাকত !!

 

assamese romantic love story, assamese heart touching story
assamese romantic love story

Assamese Love Story / Heart Touching Assamese Love Story

  ক্ষমা কৰিবা.. মই তোমাক নিজৰ কৰিব নোৱাৰো ইমান সোনকালে, তাতকে মোক তুমি পাহৰি যোৱা,  তুমি সুখত থাকা তাৰে কামনা কৰিছো  Bye " 

    স্মৃতিৰ ৰোমন্থনত যেন কথাবোৰ আকৌ ৰাজৰ মানসপটত  ভাঁহি আহিছে  এছাটি শীতল মলয়াৰ সুবাস লৈ যেন নামি আহিছিল বৰষাজাক সেইদিনা  সচাঁকৈয়ে এক অবুজ শিহৰণ আছিল সেই  বৰষাজাকত 

ক্ৰিৰিং ক্ৰিৰিং ....ফোনটো বাজি উঠিল                  

Hello....

কান্দোনৰ শব্দ ভাঁহি আহিল...

আৰে কি ' তোমাৰ ? কান্দিছা কিয় ?

অই কি হল কোৱাচোন ?

মোক চাবলৈ লৰা আহিব আজি...

হা:হা:হা:

তুমি হাঁহিছা যে...

-  নাহাঁহি ‍ কান্দিম নেকি ? ছোৱালী বয়স হলে লৰাটো আহিবই ছোৱালী চাবলৈ, তাতে কি কান্দিব লাগেনে ?

ধেমালি নকৰিবা  আজি লৈকে serious হব নিহিকিলা অকনো  মই হে জানিছো মোৰ কেনেকুবা লাগিছে  যদি তোমাৰ পৰা কোনোবাই মোক অতঁৰাব বিচাৰে তুমি কি একো নকৰিবা নে মই তোমাৰ জীৱনৰ পৰা গুচি গলহে ভাল পাবা ? কোৱা মোক ?

Assamese Love Story / Heart Touching Assamese Love Story

বাহবেলেগ emotional dialog  মাৰিব পাৰা দেই তুমি মানিব লাগিব কিন্তূ...

আহ: কিনো মানে ...খালি ধেমালি কৰি থাকিবা অকল..

আহিব দিয়া আকৌ তোমাক চাবলৈ হে আহিব, বিয়া পাতি লৈ যাবলৈ নাহে নহয়....

যদি পচন্দ কৰে তেতিয়া কি হব ? মোৰ বহুত ভয় লাগিছে  লৰাটোক মোৰ মা দেউতাৰো পচন্দ কৰিছে জানা ...

সেইকাৰণে ইমান ধুনীয়া হব নালাগে ছোৱালী বুজিছা আৰু  তোমাক দেখিলে যে ডেকাটো বাদেই দিয়া বুঢ়াৰো পচন্দ কৰিব 

আহ: ধেমালি নকৰিবাচোন ..অলপটো ছিৰিয়াচ হোৱা ... মোৰ মনটো কেনেকুবা লাগি আছে মই হে জানিচো...মোৰ বৰ ভয় লাগিছে...তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰিম ...মই মৰি থাকিম তোমাৰ পৰা আতৰিব লাগিলে...

ফাল্টু কথাবোৰ কিয় কোৱানো ? ভালহে পাব লাগে নতুন experience এটা  পাবা আজি...

নালাগে যা... তোমালোক লৰাবোৰ বৰ বেয়া, অকনো serious নোহোৱা.... তুমি আমাৰ কথা কিয় ঘৰত নোকোৱাহি... তোমাকতো আমাৰ ঘৰত সবেই ভাল পায় ....

-হেই ইমান সোনকালে বিয়া নাপাতো মই...

-সময় মানে তোমালৈ ৰয় থাকিব নে মই বুঢ়ী হোৱালৈ বাট চায় আছা...তুমিয়ে কোৱাচোন মোক ছোৱালী কুৰিতে বুঢ়ী হয় বুলি...

সেই বুলি মোৰ ইমান কম বয়সতে বিয়া পাতিব মন নাই... তোমাৰ ইমান সোনকালে বিয়া হব মন গৈছে তুমিয়ে হোৱা... মোক জোৰ নকৰিবা ...ক্ষমা কৰিবা.. মই তোমাক নিজৰ কৰিব নোৱাৰো ইমান সোনকালে, তাতকে মোক তুমি পাহৰি যোৱা তুমি,  তুমি সুখত থাকা তাৰে কামনা কৰিছো  Bye "

Assamese Love Story / Heart Touching Assamese Love Story

-কান্দোনৰ শব্দ ভাহি আহিছিল ... ফোনৰ লাইন বিছিন্ন হৈ গল...

-অই ৰাজ.. এইবোৰ কি ধেমালি কৰি তই জোনাকৰ লগত.....সুৰুজে মাত লগালে সুৰুজ ৰাজৰ কৰ্ম বন্ধু... দুয়ো কৰ্মসত্ৰে একেলগে শিৱসাগৰত থাকে  ৰাজে তাৰ আৰু জোনাক বিয়াৰ কথাতো জোনাকৰ ঘৰত আলোচনা কৰিবলৈ সুৰুজক মাতিছে ৷

- আৰে ভাই কেতিয়া পালিহি...

- Just Aunty ক মাত দি তোৰ ওচৰ পালোহি.. পিছে এইবোৰ কি..?

 তই শুনিলি মানে...

 শুনিলো.. জোনাকক কিয় ইমান জ্বলায় আছ আৰু তাইক চাব লৰা আহিব বুলি কলি যে..

 আহিব আজি লৰা..

কিন্তূ তয়ে যে জোনাকক চাব যোৱা লৰাটো হয়, সেইটো  কি তাই কিয় জনোৱা নাই...

আৰে yaar... তইতো জানই মই কেনেকুবা ...পিছে এতিয়া মোৰ প্লেনৰ ভাগিদাৰ তয়ো হব লাগিব 

কি...নাই দেই.. মই একো কৰিব নাই...তই কি বস্তু মই জনা আছে....

তই ছোৱালী চাব যাবি কাৰণে আজি ইমান সোনকালে গাপা ধুই ওলায় আহিছো শিৱসাগৰৰ পৰা তোৰ ঘৰলৈ...তই আকৌ প্লেন বনাব লাগি আছো...

-  হব দে তোৰ কিয় আনন্দ লাগিছে মোৰ জনা আছে....মোৰ বাট মুকুলিলে যে তোৰো ঘৰত কথা আগবাঢিব মই কি নজনা নহয় ... আৰু তোৰ ঘৰত যে তোৰ আৰু  ৰীমাৰ কথাটো যে ময়ে কব লাগিবতোৰটো বাপেৰ  ওচৰত মাতে নোলায়...

হব দে  এতিয়া কি কৰিব লাগিব মই...

বেছি একো নহয় তই জোনাকক চাবলৈ অহা লৰাটো হৈ যাব লাগিব...

Assamese Love Story / Heart Touching Assamese Love Story

কি....পাগল হলি নে...

আৰে অলপ সময়ৰ কাৰণেহে ..

তাই কি মোক চিনি নাপাব নেকি..

তোক দেখা নাই নহয় আজিলৈকে ফোনত হে কথা পতা হৈছিল আৰু ছোৱালী চোৱা experience এটাও লব পাৰিবি ভাই...

তই হে জান দেই..? কি কৰিব খোজিছো.. ? বেচেৰীয়ে চাগে তোৰ কথা শুনি কান্দি আছে এতিয়া 

তই tension লব নালাগে ....মই তাইৰ ঘৰত কোৱা আছে, তাই বাহিৰে চবে গম পায় কথাতো ..বিয়াৰ পিছত মোকহে কন্দুৱাব সেয়ে অলপ....হা: হা: হা:

-ঠিক আছে দে... আজি ভাল surprise এটা পাব তাই তেনেহলে....

’...

পিছে ছোৱালী চাব যাবি আজিটো গা ধুই  নে এনেকেয়ে যাম বুলি ভাবিছ....

হা: হা: হা:.. তই মাৰ লগতে কথা পাত গৈ... মই fresh হৈ লও ..

Also Read

শেৱালি” - হৃদয়ৰ  এক প্ৰতিশ্ৰুতি !! 

 আৰম্ভণি এক পবিত্ৰ সৰ্ম্পকৰ -Love You Forever

হৃদয়খন যেন সঁচাই এক বৰ অবুজ সাঁথৰ !! 

"ভালপোৱা" - প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজত চেপা খাই থকা সময়খিনি !

ভৱিষ্যত নথকা আবেগিক সম্পৰ্ক ??? 

 ( আগলৈ ................................. )



No comments