নিৰবতাৰ আস্ফালন - Assamese Depression Poem - Siyor
নিৰবতাৰ আস্ফালন
( Depression poems about love and pain)
Assamese Depression Poem |
নিৰবতাৰ আস্ফালনত খোল খায়
হৃদয়ৰ অব্যক্ত অনুভূতিবোৰ
শূণ্য হৈ পৰা হৃদয়ৰ কোলাহলত ।।
তোমাৰ অবিহনে ৰং বিহীন হৈ পৰিছে
আকাশৰ ৰামধেনু আৰু সাগৰৰ নীলা
উজাগৰি নিশা তোমাৰ অভিমানবোৰ ভাঙি
দেখাব যে নোৱাৰো সপোনৰ মায়া
কাৰণ আজি তুমি মোৰ কাষত নাইকিয়া ॥
অমাবস্যাৰ শেষত চাব নোৱাৰো আকাশত জোনাক
পূৰ্ণিমাৰ হৃদয়খন হৈ পৰিছে কেৱল অমাবস্যাৰে এন্ধাৰ
এদিন তুমিয়ে কৈছিলা
"জোনাক হৈ সদায় উজলায় ৰাখিম,
তোমাৰ জীৱনৰ এন্ধাৰ "
আৰু আজি জোনাকতে এৰি গুচি দি গলা
মাথো হৃদয়ত কালৰাত্ৰি অমাবস্যাৰ শূণ্যতা ॥
নোৱাৰো কৰিব আত্মহত্যা বিবেকে দিয়ে বাধা
লিখিবও নোৱাৰো যে ভগ্ন হিয়াৰে বিষাদ গাথা
বন কুকুৰাৰ চিঞৰত মাথো সেমেকি উঠে গাৰুৰ শিতান
আঘাতপ্ৰাপ্ত হিয়াৰ বেদনাত ॥
শীতল হৈ পৰিব মোৰ মৃত্যুত যেতিয়া
যান্ত্ৰণাত উদ্ভৱ হোৱা হৃদয়স্পশী বেদনা,
উপলুঙা নকৰিবা যদি নামি আহে চকুৰে বৰ্ষা
শোকাকুল হৃদয়ত খোন্দা মাৰি ধৰা বেদনাত ॥
স্মৃতিৰ মণিকোঠাত জাহ যাবনে কেতিয়াবা বাৰু
বিৰহৰ সোৱৰণীবোৰ, প্ৰেমৰ আবেগবোৰ
পাৰিমনে পাহৰিব স্মৃতিৰ সুখ-দুখৰ শিহৰণবোৰ ॥
চকুত দুখৰ চকুপানী মুখত বেদনাৰ হাঁহি লৈ
তোমাক হেৰুৱায় সুখী হ’ব পৰা নাই মই
আৰু মোক হেৰুৱায় তুমি বাৰু পাৰিছা নে !
( কি যে অবান্তৰ প্ৰশ্ন সুধিছো তোমাক ! ) ॥
কিয় জানো পৰা নাই পাহৰিব তোমাক
তুমি আতৰি যোৱাৰ পৰাই
যদিও হেৰুৱালো মই মোৰ নিজস্বতাক ॥
পুৱতি নিশা বাজি উঠা ফোনটিত
তোমাৰ নিদ্ৰাশিক্ত কন্ঠস্বৰ
শুনিবলৈ ব্যাকুল এই হৃদয়
জানো অপেক্ষা কৰি একো লাভ নাই
তথাপি হৃদয়খন যেন এক অবুজ সাঁথৰ
সমাধান কৰিব নোৱাৰি ॥
বৰ কষ্ট জানা বাস্তৱ সপোনক বিসৰ্জ্জন দি মানি ল’বলৈ
ভালপোৱাৰ প্ৰতিশ্ৰুতিবোৰ তোমাৰ দৰে ছিঙি মোহাৰি পাহৰি যাবলৈ
তুমিহীনতাৰ স্মৃতিত, নিৰবতাত লুটিয়াই লুটিয়াই
ডায়েৰীৰ বিচ্ছৃংখল শব্দৰ টুকুৰাৰে লিখা
কবিতাৰ পৃষ্ঠাবোৰ চাবলৈ ॥
Also Read
তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো
তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি
No comments
Post a Comment