যান্ত্ৰিকতাৰ বলি হলো অ’ মা - Maa poem assamese - Siyor
যান্ত্ৰিকতাৰ বলি হলো অ’ মা
maa poem assamese |
মা কবিতা অসমীয়া ৷ মা কবিতা ৷ Poem
on Mother in Assamese ৷ Assamese Poem ৷ Assamese Maa Quotes ৷ Mothers Day Assamese Status ৷
যান্ত্ৰিকতাৰ
মৰীচিকাৰ পিছত
দৌৰি ভাগৰি
যেতিয়া নিজৰ ৰুমটোলৈ উভতো
চৌদিশৰ নিস্তব্ধতাৰ আন্ধকাৰত
চিৎকাৰ কৰি উঠে হৃদয়খন
জানা মা তোমাৰ মমতাৰ ভোকত ॥
বৰকৈ মনত পৰে অ’ মা তেতিয়া তোমালৈ
তোমাৰ উমাল বুকুৰ উমত শুই থকা
শৈশৱৰ আলসুবা দিনবোৰৰ কথা সুৱৰি,
মোৰ চকুত টোপনি নিয়াবলৈ
তুমি গোৱা নিচুকনি গীতবোৰৰ সুৰ বিচাৰি ॥
তোমাৰ দেহত দহ মাহ দহ দিন ধাৰণ কৰি
মোক জীৱন দিলা তুমি
মোক এই পৃথিৱীৰ অংগ কৰিলা
পেটৰ ক্ষুধা নিবাৰণ কৰিব পৰাকৈ গঢ়ি তুলিলা
সপোন দেখিবলৈ শিকালা
Assamese
Status for Whatsapp ৷ Assamese
Whatsapp Status ৷ Assamese
Status Whatsapp ৷ Whatsapp
Assamese Status ৷
কিন্তু সপোনবোৰ পুৰাবলৈ গৈ
কেতিয়া যান্ত্ৰিকতাৰ
বলি হলো
গমেই নাপালো অ’ মা
৷
তোমাৰ পৰা আঁতৰি
ব্যাকুল হৈ পৰিছো অ' মা
সুখী হ’ব পৰা নাই কনোদিনে
বহু দিন হ’ল ঘৰলৈ যাব পৰা নাই
কামৰ পৰা আজৰিয়েই নাই
সময় নাই নিজৰ বাবে, তোমাৰ বাবে
কংক্ৰিটময় চহৰখনত কেৱল টকাৰ মোহত
যান্ত্ৰিকতাৰ বলি হ’লো অ’ মা ॥
মা কবিতা অসমীয়া ৷ Poem
on Mother in Assamese ৷ Whatsapp
Status Assamese ৷ Assamese
Status ৷
বৰ মন যায় জানা অ' মা
তোমাৰ আচলত মূৰ গুজি
কেচুৱাৰ দৰে থুন থুনাবলৈ
তোমাৰ হাতৰ ভাতসাজ
হেঁপাহ পলুৱাই খাবলৈ
দেউতাৰ
সৈতে বহি
জীৱনৰ সাঁথৰ ভাঙিবলৈ
কপালত বুলাই দিয়ানা তোমাৰ দুহাত
তোমাৰ মৰমৰ মিঠা পৰশতেই
নাইকীয়া হৈ পৰিব মোৰ সকলো যান্ত্ৰণা
ভৰাই দিয়াহি মোৰ হৃদয়ত অলপ শীতলতা ॥
কি কমনো তোমাক অ' মা
আঁতৰি আহি তোমাৰ আঁচল
হৈ পৰিলো য্ন্ত্ৰ এটি মই
যান্ত্ৰিকতাৰ মাজত
থাকি থাকি
হেৰাই পেলাইছো নিজক
যান্ত্ৰিকতাৰ কোলাহলৰ বন্যতাত
কেবল টকা বাবেই আজি মই আনৰ অধীন
সেইবাবে পাহৰি গৈছো তোমাৰ মৰম
যান্ত্ৰিকতাৰ বলি হ’লো অ’ মা ॥
এখন্তেক জিৰাবলৈ বৰ মন গৈছে অ' মা
তোমাৰ আচলৰ ছাঁত
বৰ ভাগৰি পৰিছো মা
শুৱাই দিয়ানা মোক মা
এটি নিচুকনি গীত গায় ॥
Also Read
তোমাৰ
সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো
তোমাৰ
কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি
No comments
Post a Comment