New Post

তোমাক পাহৰিব বিচাৰিছো - assamese romantic poem - Siyor

 তোমাক পাহৰিব বিচাৰিছো

Sad Breakup Poetry, Assamese Sad Poetry, Heart Touching Sad Poems about Depression in Assamese, Sad Love Poetry in Assamese
assamese romantic poem


Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese

 

তোমাক পাহৰিব বিচাৰিছো,

কিন্তু নি:শব্দ নিঃসংগ হিয়াৰ

মায়াবী কোলাহলে,         

 

হেৰুওৱাৰ বেদনাত অন্তৰ্দগ্ধ হৈ যোৱা !
মোৰ মন আকাশৰ
প্ৰতিপাহ কৃষ্ণচূড়া জগাই তোলেহি ৷

 

*************************

  

স্মৃতিৰ বিষাদ

 

সপোন এটাৰ বুকুত

এখন  নিৰ্জনতাৰ অৰণ্য গঢ়ি উঠিছে

ৰাতিৰ নিৰবতাত অৰণ্যৰ গভীৰতাৰ মাজেদি

ভাহি আহিছে এটি দেউ লগা চিঞৰ  

যি মোক শুব দিয়া নাই

উজাগৰে কটাইছো ৰাতি

কেৱল নিৰবতাক বুকুত আকোৱালি                                       

আজিকালি সপোনবোৰে আহি আমনি নকৰে

চকুৰ পতা জপাবলৈ যে ভয় লাগে মোৰ !

জপাই দিলেই ভঙা সপোনৰ স্মৃতিবোৰে

বৰ বেয়াকৈ আঘাত হানে বুকুত 

নাজানো সপোনবোৰ আকৌ জিপা হৈ উঠিবনে নাই

মোৰ বুকুত....

নে স্মৃতিৰ বিষাদ বকুত বান্ধি হাঁহিব লাগিব

দুচকুৰ তলত পৰা  কলাবোৰ লৈ ....

 

******************************

 

বিশ্বাসেই যেতিয়া বিশ্বাসঘাটকতা কৰি যায় !

 

হাঁহি আঁৰত লুকাই থকা

বিষাদবোৰ বুজিব নালাগে

অমাবস্যা নিশাৰ আকাশত

জোনাক বিহীনৰ দৰে মাথোঁ 

লুকুৱাই ৰাখিব বিচাৰো

দুখ বোৰ আৰু হৃদয়ত প্ৰেমৰ সিক্তধাৰাৰে

বৈ থকা নদীখনক নিৰবতাৰ মাজত !

এদিন ভুল ভাবিছিলো তোমাৰ অবিহনে

জীয়াই থাকিব নোৱাৰিম চাগে কোনোদিনে

কিন্তু আজি তুমিয়েই  শিকায় দি গলা

কাৰোবাৰ অবিহনে জীয়াই থকাৰ প্ৰেৰণা 

দুখ নাই জানা এতিয়া কাৰোবাক হেৰুওৱাৰ,

কিন্তু সাহসো নাই কাৰোবাক আকোৱালি লোৱাৰ

বিশ্বাসেই যেতিয়া বিশ্বাসঘাটকতা কৰি যায়

হৃদয়ত মৰম ভালপোৱাবোৰ শূন্য হৈ যায়

ৰৈ যায় মাথো স্মৃতিৰ ধূসৰ হুমুনিয়াহ  

 

*********************************



Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese

 

এজাক জোনাকৰ ধুমুহা

 

নিশব্দতাৰ এটি নিশাতে

হৃদয়ত বিস্ফোৰণ কৰি

কঁপি-কঁপি আতৰি  জোনাক

নমাই আনি এজাক জোনাকৰ ধুমুহা 

মিছা হাঁহিৰ পোছাক পিন্ধি বাহিৰত

ছায়াময় কোঠাত উচুপি থকা  আৱেগৰ চকু দুটি  !

নিৰবতাত ভাঁহি আহিল কৰুণতাৰ চিঞৰবোৰ

আৰু মোক শুৱাই থৈ  জয়াল ৰাত্ৰিৰ মৰিশালিত 

কঁলা মেঘে আৱৰি ধৰিল মোৰ চাৰিও কাষ

দেখিছোঁ কেৱল আন্ধাৰ আৰু শূন্যতাৰ সমাহাৰ 

 **************************************** 

Also Read

সোণালী পথাৰ

সময় 

যান্ত্ৰিকতাৰ বলি হলো অমা 

মনত পৰেনে তোমাৰো কেতিয়াবা !

হাগৰ প্ৰথম বৰষুণ জাক  

তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি

কথা আছিল ! কথা নাছিল !


No comments