ভৱিষ্যত নথকা আবেগিক সম্পৰ্ক ??? heart touching assamese love story - Siyor
ভৱিষ্যত নথকা আবেগিক সম্পৰ্ক ???
| heart touching assamese love story |
Assamese Sad Story /
Heart Touching Assamese Sad Love Story
“ভৱিষ্যত নথকা আবেগিক সম্পৰ্কই যে ক্ষণিকতে বহুকেইটা
জীৱনলৈ অন্ধকাৰ নমাই আনিব পাৰে সি বাৰুকৈয়ে অনুভৱ কৰিলে সিদিনা ৷”
Assamese Sad Story / Heart Touching
Assamese Sad Love Story
টুইট টুইট....
ৰাতি ১১ বাজিছে ৷ নতুনকৈ
খোলা ৰাজৰ Facebook টোত Notification এটা বাজি উঠিল ৷ হঠাত
এখন ফটো দেখি বহু দেৰি লৈকে সি শিল পৰা কপৌটোৰ দৰে থৰ লাগি থাকিল ৷ মুহূৰ্ততে বহু
কথাই আহি তাৰ মন দাপোনত দোলা দি গ’ল ৷
এটি চিনাকী চেহৰাৰ Friend Request দেখি আজি যেন তাৰ
হাঁহিহে উঠিছে কিয়নো তাৰ অকৃত্ৰিম মনটোৰ সুবিধা লৈ বছৰ বছৰ ধৰি ভালপোৱাৰ অভিনয় কৰি
শেষত মা দেউতাৰ অজুহাত দেখুৱায় ধনী ঘৰৰ লৰা পায় বিয়া হোৱা তাৰ প্ৰেমিকা কবিতাৰ Friend
Request ৰ Notification আছিল সেইটো ৷ কি
কৰিব সি ভাবোতে ভাবোতে বিবুদ্ধিত পৰি তেনেকৈয়ে কেতিয়া টোপনি গুচি গ’ল
তাৰ সি গমকে নাপালে ৷ বহুত দিনলৈকে ৰাজে কবিতাৰ Friend Request ৰ Notification তো খুলি চায় থাকে কিন্তু
যিমানেই সি Friend Request টো Confirm নকৰিম বুলি ভাবিছিল
সিমানেই চোন Confirm বুটামটোলৈহে তাৰ হাত খন লাহে লাহে নিজে নিজে যাব
ধৰিছিল ৷ অৱশেষত এদিন মন মগজুৰ বিবেক যুদ্ধত তাৰ মগজুয়ে হাৰ মানি কবিতাৰ Friend
Request Confirm কৰিলে ৰাজে ৷ অলপ সময়ৰ পিছতেই এটি
শব্দ বাজি উঠিল তাৰ Mobile ত ৷ টুইট টুইট... Facebook
Messenger ত
কবিতায়ে ৰাজলৈ এটি মেচেজ দিছে ৷
- Hii... কি কৰিছা ইমান ৰাতি...
টোপনি অহা নাই ?
- নাই অহা ৷
- কিয় ?
- কেতিয়াবাই বাদ দিলে
চোন সোনকালে টোপনি মোৰ দুচকুত আহিবলৈ ৷ আজিকালি নিশা বহু দেৰিলৈকে টোপনি নাহে মোৰ
৷
- কিয় ?
- টোপনি আহিলেই চোন
সপোনে আহি দুচকুত ধৰা দিয়েহি আৰু সেই সপোনত কেৱল ভাহি আহে কিছুমান নষ্টালজিক
বিষাদৰ স্মৃতি ৷
- Oh
Please ! এইবোৰ Outdated কথা আৰু নক’বা, অকনো
সলনি নহলা তুমি ৷
- এৰা, এইবোৰ
তোমাৰ কাৰণে Outdated কথা এতিয়া ৷
- বাৰু কোৱাচোন তোমাৰ
মোলৈ কেতিয়াবা মনত পৰেনে ?
- নাজানো ! কিন্তু
কাৰোবাক মনত পেলায় যে মাজনিশা লৈকে বিচনাখনত শুই চতফটাই থাকো
সেইটো সচাঁ ৷
- বিয়া কিয় পতা নাই
আজিলৈকে ?
- খবৰ ৰাখিচা, তাৰ
মানে মোৰ ৷ ভাল লাগিল জানি ৷
- ওমম্ ...
Assamese Sad Story / Heart Touching
Assamese Sad Love Story
- ভালপোৱাবোৰ দেখোন
তোমাৰ ওচৰতেই পাহৰি আহিলো এতিয়া আৰু কি ভাল লাগিব আন কাৰোবাক ৷ যি মোক
প্ৰথমে ভাল পাবলৈ শিকাইছিল তায়ে যেতিয়া বিষাদৰ চকুপানী আৰু নিসংগতাক সংগী কৰিবলৈ
শিকায় থৈ গ’ল সি কেনেকেনো আন কাৰোবাক বিয়া কৰাব
পাৰিব । সেয়ে বাদ দিলো এইবোৰ সংসাৰৰ মায়া-মোহ ।
- বন্ধ কৰা তোমাৰ
অদৰকাৰি কথাবোৰ ৷ মোৰ নিচিনা ছোৱালি এজনীৰ কাৰণে কিয় নিজৰ জীৱনতো ধ্বংস কৰি আছা ৷
ভাল সময় তোমাৰ হাতলৈ আহিছে যেতিয়া কিয় আঁতৰি যাব দিছা, ধৰি
ৰাখা সময় থাকোতেই মোৰ দৰে ৷ চোৱা আজি মই কিমান সুখত আছো ৷
- এইবোৰ এতিয়া মোৰ কাৰণে
অসম্ভ আৰু কাকো মিছা আশা দি ভাল পাব নাজানো মই ৷ নিসংগতাই মোৰ এতিয়া প্ৰিয় লগৰী ৷
তুমি অত্যন্ত সুখী বুলি জানি ভাল লাগিল, তুমি তোমাৰ সপোনবোৰক সময়
দিয়া, মই এতিয়া কোনো নহয় তোমাৰ ৷
খং ৰাগ অভিমান সকলোবোৰ
লগ কৰি Mobile ৰ Data
Off কৰি অৱস হৈ পৰিছিল সি তাৰ বিচনাখনত ৷ হেপাঁহ পলুৱাই
সিদিনা তাৰ চকুপানীবোৰ উলিয়াই দিছিল সি, উশাহবোৰ যেন ঘুৰাবলৈ বৰ
কষ্টকৰ হৈ পৰিছিল তাৰ বাৰে ৷
এনেকৈয়ে বহুদিন গুচি
গৈছিল ৷ কিন্তু মানুহৰ মন জানো সদায় সৱল হৈ থাকে ৷ মনটোতো আৰু Technology নহয়
যে Click কৰি দিলেই Block হৈ
থাকিব !! আবেগৰ ওচৰত হাৰ মানি এদিন ৰাজে নিজেই কবিতালৈ Facebook
Messenger তে
মেচেজ কৰি তাইৰ খা-খবৰ ল’লে ৷ লাহে লাহে সিহঁতৰ কথাবোৰ আকৌ নকৈ আৰম্ভ হব ধৰিলে ৷ এটা
দুটা শব্দৰ পৰা গৈ সিহঁতৰ কথাবোৰ যেন একো একোটা দীঘলীয়া Paragraph হ’ব ধৰিলে আৰু পুৰণা
মৰমবোৰে যেন নতুনকৈ বন্ধুত্ব গঢ়ি উঠিব ধৰিলে ৷ কিন্তু মনৰ দৰে সময়ো জানো সদায় একে
থাকে ৷ এদিন ৰাজে কবিতাৰ Facebook Account খুলি চায় থাকোতে হঠাতে কবিতাৰ এখন
ফটো দেখি সি থমকি ৰৈ গ’ল ৷ এজনী মৰম লগা কণমানি
ছোৱালীক কোলাত লৈ কবিতাৰ কাষত এজন লৰা, ওপৰত লিখা আছে “Enjoying
time with my family” সিহঁতৰ ফটোখন দেখি ৰাজৰ সম্বিত ঘূৰি আহিল, নিজকে
বৰ দোষী দোষী যেন অনুভৱ হ'ল তাৰ ৷ কিয় যে সি আবেগৰ বশৱৰ্তী হৈ কবিতালৈ মেচেজ কৰিছিল, জীৱনত
ইমান বছৰ কবিতাৰ অবিহনে সি অকলে আগুৱায় আহি আছে, কি প্ৰয়োজন আছিল তাইৰ
লগত কথা পাতিবলৈ ৷ যদি তাইৰ Husband নে গম পায় কি যে ভাবিব ৷
সিহঁতৰ সুখৰ সংসাৰখন ভাগি নাযাব নে ??? ইত্যাদি না না ধৰনৰ
কথাবোৰ আহি ৰাজৰ মনটো অস্হিৰ কৰি তুলিলেহি ৷ সেয়ে ৰাজে কবিতালৈ মেচেজ দি নিজৰ ভুল
স্বীকাৰ কৰিলে আৰু সিঁহতৰ সংসাৰ খন যেন সদায় সুখৰে ভৰি থাকে তাৰে কামনা কৰি
কাহানিও মেচেজ নকৰে আৰু তাইক চিৰদিনৰ কাৰণে Block কৰি দিম বুলি
প্ৰতিশ্ৰুতি দিলে ৷ যদিও কবিতাই ৰাজক তেনেকুৱা কৰিব বাধা দিছিল কিন্তু ৰাজ তাৰ
সিন্ধান্তত একমত আছিল কাৰণ ভৱিষ্যত নথকা আবেগিক সম্পৰ্কই যে ক্ষণিকতে বহুকেইটা
জীৱনলৈ অন্ধকাৰ নমাই আনিব পাৰে সি বাৰুকৈয়ে অনুভৱ কৰিলে সিদিনা ৷
Assamese Sad Story / Heart Touching
Assamese Sad Love Story
মাথো নিজৰ মনৰ ভিতৰতে কৈ
গ’ল সি “ সুখী হোৱা সদায় তুমি
তোমাৰ মনৰ জোখেৰে ৷ ভৱিষ্যত নথকা আবেগিক সম্পৰ্কই বোঁৱতী নৈ ৰূপ লৈ কেতিয়া তোমাৰ
সুখৰ সংসাৰ খন থান-বান কৰি দিব কোনে জানে ??? তোমাৰ কাৰণে মোৰ ভালপোৱা
এতিয়া মাথো সোঁৱৰণীৰ এখিলা পাতৰ বাহিৰে একো নহয় মই বুজি উঠিছো ৷ কিন্তু তুমি যে
মোক পাহৰিব পৰা নাই সেয়ে ভাবিয়ে মই সুখী হৈ ৰ'ম চিৰ জীৱন আৰু ময়ো হয়তো
নোৱাৰিম কোনোদিন পাহৰিব তোমাক ৷ তুমি দিয়া বিষাদৰ যন্ত্ৰণাবোৰে মোক আৰু যিমানেই
কষ্ট নিদিয়ক কিয় ! তাতকৈও বেছিকে মইয়ো নিজক কঠোৰ কৰিম তোমাৰ পৰা তুমি
দিয়া বিষাদৰ যন্ত্ৰণাবোৰৰ পৰা নিজক আঁতৰায় ৰাখিবলৈ ৷
জানো, কোৱা দৰে হয়তো সহজ নহব কথাবোৰ কিন্তু তোমাৰ অবিহনে
এতিয়া নিজকে গঢ়ি সময়ৰ সোঁতত এদিন ময়ো মিলি
যাম আৰু নিবিচাৰো মনত পেলাব তোমাৰ স্বাৰ্থপৰ প্ৰেমৰ ইতিহাস ৷”
***সমাপ্ত***
Also Read
“শেৱালি” - হৃদয়ৰ
এক প্ৰতিশ্ৰুতি !!
আৰম্ভণি এক পবিত্ৰ সৰ্ম্পকৰ -Love You Forever
হৃদয়খন
যেন সঁচাই এক বৰ অবুজ সাঁথৰ !!
"ভালপোৱা"
- প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজত চেপা খাই থকা সময়খিনি !
No comments
Post a Comment