New Post

Heart touching story assamese- আৰম্ভণি এক পবিত্ৰ সৰ্ম্পকৰ - Siyor

Heart touching story assamese- আৰম্ভণি এক পবিত্ৰ সৰ্ম্পকৰ  - Siyor

       

Heart touching story assamese, assamese love story
Heart touching story assamese

Heart touching story assamese

   মানুহৰ জীৱনৰ সৰু সৰু কিছুমান ঘটনাই কেতিয়াবা হৃদয়ত কৈ শিপা মেলি সোমাই যায়  খৰাং বতৰত এজাক বৰ্ষাই যেনেকৈ শুকাই ফাট মেলি থকা ধৰণীক জীপাল কৰি তুলিব পাৰে ঠিক তেনেকৈ কাৰোবাৰ শব্দৰ তৰংগৰ মাজেদি ভাহি অহা এষাৰ কথাই জীৱনত জীয়াই থকাৰ প্ৰেৰণাও দিব পাৰে  কিমান সুমধুৰ আৰু সুন্দৰ ব্যৱহাৰে কাৰোবাৰ মনত ক্ষণিকতে আত্মীয়তা গঢ়ি তুলিব পাৰে সেয়া হয়তো কোনেও ক’ব নোৱাৰিব  কিন্তু জ্যোৎস্নাৰ লগত এদিনতে ৰাজৰ আন্তৰিকতাৰে আত্মীয়তা সম্পৰ্ক গঢ় লৈ উঠিছিল 

          সেইদিনা আছিল সোমবাৰ  অফিচৰ পৰা আহি ৰাজে তাৰ বিচনাখনতে Relaxation লৈ আছিল  তেতিয়াই তাৰ ফোনটো বাজি উঠিল  University  পঢ়ি থকা তাৰ মৰমৰ ভনীয়েক তৰাই তালৈ ফোন কৰিলে 

- Hello… অই দাদা কি কৰি আছো ? অফিচৰ পৰা আহি পালিহি নে ঘৰ ?

- ওমম্ পালোহি৷ তই কি কৰিছো ?

- ময়ো আছো আৰু কিবা কিবি কৰি  তোৰ লগত কথা এটা আছে 

- হয় নেকি ? কি কথানো ?

Heart touching story assamese

- অই তোক নহয় আমাৰ হোষ্টলৰ  লগৰ এজনীয়ে বৰ পচন্দ কৰিছে  তোৰ লগত চিনাকি হব বিচাৰিছে 

- হয় নেকি ? কাম নাই আৰু তোৰ 

- তোৰ কথা বৰকৈ কৈ আছে  ছোৱালি জনীয়ো বহুত ভাল 

- তোৰ ভাল লাগিছে নে ?

- ওমম্ বহুত 

- মই কি কৰিব লাগে পিছে 

- ৰ’হ মই তোক তাইৰ নাম্বাৰটো দিছো 

- তই কথা পাতি চাচোন তাইৰ লগত 

- পাগল হৈছো নেকি ?

- একো নহয় অ’

- হ’ব বাৰু কৰিম পাছত 

- থিক আছে কৰিবি কিন্তু  তাই ৰৈ আছে 

The Story of My Life / Love You Forever

          কি  যে ছোৱালি নহয় এইজনী  ৰাজে মনৰ ভিতৰতে ভোৰভোৰালে  বৰ মৰম কৰে ৰাজক তাই  একমাত্ৰ ককায়েকৰ কাৰণে তাইৰ বৰ চিন্তাসিয়ো তাইক বহুত মৰম কৰে  ৰাজৰ আৰু প্ৰিয়াৰ Breakup  কথা তাই ভালকৈয়ে জানে প্ৰিয়াৰ বিশ্বাসঘাটকতাত তাইৰ ককায়েক কেনেকৈ ভাগি পৰিছিল সেইকথা তাই ভালদৰে বুজি পায়  তায়ে কৈছিল দাদা তই কিয় মন মাৰি থাকো মই থাকোতেমই আছো নহয় তোলৈ প্ৰিয়াত কৈয়ো ভাল ছোৱালি মই চাম আৰু তোৰ সেই প্ৰিয়াজনীক যে মোৰ অকনো পচন্দ নহয় তই হে কি দেখিছিল তাই মাজত তইহে জানো আৰু  ভগৱানে যি কৰে ভালে কৰে  কথাবোৰ যেন আকৌ ৰাজৰ মনলৈ আহি তাৰ মনটোক অস্হিৰ কৰি তুলিছে  তেনেতে আকৌ ভনীয়েকে তালৈ ফোন কৰিলে 

-অই দাদা কৰ না Call এটা  তাইলৈ 

- হেই এইজনী কি লাগি আছো 

- কৰ চোন মোৰ শপত দিছো ৷ধেমালি কৰিছিলো আচলতে আজি তাই মোৰ Mobile  চায় আছিল, তোৰ ফটোখন দেখি কি হ'ল নাজানো তাইৰ চকুপানী ওলায় আহিল  মই ইমান চেষ্টা কৰিছো একো উলিয়াব পৰা নাই ৷ তাই তোৰ লগত কথা পাতিব বিচাৰিছে ৷ মই আচৰিত হৈ গৈছো ৷ 

অসমীয়া প্ৰেম কাহিনী/ অসমীয়া ভালপোৱা কাহিনী/ নতুন অসমীয়া প্ৰেমৰ কাহিনী/ ভালপোৱা কাহিনী/ প্ৰেম কাহিনী/ভালপোৱাৰ কাহিনী/অসমীয়া ৰোমাণ্টিক গল্প

- মইতো চিনিয়ে নাপাওঁ চকুপানী উলিয়াবলৈ কিহে পালে ?

- তাকেতো কি হৈছে জানো ? তই অলপ Help কৰি দে না  Please

- হেই তোৰ কথা বিশ্বাস নাই, বেল বনোৱা নাইতো মোক ৷  

- নাই বনোৱাসচাঁকে কৈছো, তোৰ শপত ৷

-  ৰহ কৰিছো উপায় নাই আৰু তোৰ পৰা 

- মন নাথাকিলেও ৰাজে ভনীয়েকে দিয়া নাম্বাৰটো Dial কৰিলে 

- Hello...  ইফালৰ পৰাও সহাৰি জনালে 

- ভাল নে তোমাৰ ? কি নাম তোমাৰ ?

- ওমম্ ভালেইমোৰ নাম জ্যোৎস্নাআপোনাৰ ভাল ?

- মোৰো ভালেই  ভন্তীয়ে তোমাৰ নাম্বাৰটো দি জোৰ কৰি আছে তোমাৰ লগত চিনাকি হবলৈ 

  - হয়নেকি ? আচলতে মইয়ে তাইক কৈছিলো 

- কৈছে তাই ? তুমি তাইৰ লগৰে নে ?

- ওমম্ লগৰে 

- কিয় চিনাকি হ’ব খুজিছা নুবুজিলো ?

অসমীয়া প্ৰেম কাহিনী/ অসমীয়া ভালপোৱা কাহিনী/ নতুন অসমীয়া প্ৰেমৰ কাহিনী/ ভালপোৱা কাহিনী/ প্ৰেম কাহিনী/ভালপোৱাৰ কাহিনী/অসমীয়া ৰোমাণ্টিক গল্প

-আচলতে আপোনাৰ ভন্তীৰ মুখৰ পৰা আপোনাৰ কথাবোৰ শুনি মোৰ বৰ ভাল লাগে আৰু আজি আপোনাৰ ভন্তীৰ ফোনটোত ফটো চায় থাকোতে আপোনাক দেখা পালোদেখি চিনাকি হব মন গ’ল  আপুনি মোৰ লগত চিনাকি হোৱাৰ বাবে বেয়া পোৱা নাইতো 

- নাই তেনেকুৱা একো নাই  মানুহৰ লগত মানুহৰ চিনাকি হ’বই, কিন্তু ফটো দেখি চকুপানী উলিয়াই দিয়াতো শুনি অলপ আচৰিত লাগিছে ৷

- অ' তৰাই ক'লে মানে ৷-ওমম্ ... ভয় খাইছে তাই কি হ'ল ঘপকে তোমাৰ ৷

- Sorry... আচলতে আপোনাক দেখি মোৰ নিজৰ দাদালে মনত পৰি গ'ল ৷আজি দুবছৰ আগতে মাঘ বিহুৰ দিনা পথ দুৰ্ঘটনাত দাদাৰ মৃত্যু হৈছিল ৷ তাৰ মুখখনৰ লগত আপোানাৰ মুখখনৰ কিবা এটা মিল আছেআপোনাৰ ফটো দেখি তালৈ ঘপকে মনত পৰি গ’ল আৰু চকুপানী ওলায় আহিল ৷আপোনাৰ ভন্তীৰ দৰে ময়ো মোৰ দাদাক মৰমতে অত্যাচাৰ কৰি বৰ ভাল পাইছিলো, আপুনি আপোনাৰ ভন্তীক ভালপোৱাৰ দৰে মোৰ দাদায়ো মোক বহুত মৰম কৰিছিল৷ কিন্তু ভগৱানে তাক খুব সোনকালেই  লৈ গ’ল আমাৰ কাষৰ পৰা ৷তাই কথাবোৰ কৈ হুকহুকাই কান্দি দিছিল ৷ বহুত চেষ্টা কৰি তাইৰ কান্দোন বন্ধ কৰিছিল ৰাজে  তায়ো লাজ লাগিছিল  চাগে  আবেগৰ বশৱৰ্তী হৈ তেনেকৈ কান্দি দিয়াৰ বাবে 

  Heart touching story assamese

-জ্যোৎস্নাৰ লগত কথা বঢ়োৱাৰ ইচ্ছা নাছিল যদিও তাইৰ সৰলতা আৰু সুন্দৰ মনটোৰ কথা-বতৰাই ৰাজক পলকতে আকৃষ্ট কৰি তুলিছিল তাই প্ৰতি আৰু ক’ব নোৱাৰাকৈয়ে বহু কথাই পাতি পেলাইছিল সিহঁতি 

-আপোনাৰ লগত কথা পাতি ভাল লাগিল যদি বেয়া নাপায়মাজে মাজে কথা পাতিম  জ্যোৎস্নায়ে ৰাজক কৈছিল  

-নিশ্চয়  মোৰো তোমাৰ লগত কথা পাতি বেয়া নালাগি 

- আৰু কথা এটা কওঁ 

- কওঁক

-মোক তোমাৰ দাদা বুলি ভাবিব পাৰাআজিৰ পৰা ৷ 

- সচাঁকে  আপুনি মোৰ মনৰ কথাটোকে কৈ পেলালে 

-হয় নেকি ! বন্ধু, পত্নী বা প্ৰেমিকা পোৱাতো সহজ এই জীৱনত কিন্তু তোমাৰ দৰে ভন্তী পাবলৈ সহজ নহয় ৷আজিৰপৰা মোৰ আৰু এজনী ভন্তী পালো কিমান Lucky চোৱা মই 

    জ্যোৎস্নায়ে হাঁহিছিল লগতে ৰাজেও ৷এনেকৈয়ে আৰম্ভণি ঘটিছিল এক অচিন অজান অথচ ভাললগা অনুভূতিয়ে মেৰিয়াই ধৰা এক পবিত্ৰ সৰ্ম্পকৰ 

 Also Read

শেৱালি” - হৃদয়ৰ  এক প্ৰতিশ্ৰুতি !! 

হৃদয়খন যেন সঁচাই এক বৰ অবুজ সাঁথৰ !! 

*************সমাপ্ত***********

This post related to:

love story assamese

assamese breakup love story photo

new assamese love story shayari

love story assamese photo

assamese language love story sms

love story assamese writing

assamese love story photo new

love story assamese sms

assamese love story writing photo

love story assamese letter

assamese sad love story photo

love story assamese status

assamese sad love story writing

love story assamese photo download

assamese love story sms photo

love story photo assamese hd

assamese love story shayari photo

love story letter assamese photo

assamese love story shayari

 Heart touching story assamese

assamese love story shayari download

heart touching love story assamese

assamese love story writing download

heart touching assamese love story download

assamese heart touching story

heart touching story meaning

how to write a heart touching story

assamese heart touching love story

when something touches your heart

assamese touching love story

No comments