New Post

নীলা খামৰ চিঠি -Assamese Love Letter - Siyor

                            নীলা খামৰ চিঠি -Assamese Love Letter

 

Assamese love letter, assamese love letter writing, assamese love letter for gf
assamese love letter

Assamese Love Letter / Assamese Love Letter for Girlfriend /Nila-Khamor-Sithi  

 

       প্ৰথমে মোৰ মৰম গ্ৰহন কৰিবা বুলি লিখাৰ অধিকাৰ আৰু নাই আজি মোৰ  কেনে আছা তুমি ভালনে আছানে এইবোৰ প্ৰশ্ন কৰি তোমা উত্তৰ দিবলৈ বাধ্য নকৰাও তোমাক মই কাৰণ তুমি মোৰ হৈ থকা নাই এতিয়া ৷ ইন্টাৰনেটৰ যুগ এতিয়া চিঠি কোনোৱাই লিখে নেকি ! কিমান আউটডেটেত চোৱা আজিও মই ৷ কিন্তু কি কৰিম কোৱা আজি বৰকৈ মন গৈছে আগতে তোমাৰ লগত কথা পাতি থাকোতে তুমি যে মোক বাৰে বাৰে কবিতা এটি লিখি তোমাক শুনাবলৈ কোৱা আজিও মন গৈছে তোমালৈ কিবা এটা লিখিবলৈ অথচ তুমি এতিয়া মোৰ একো নোহোৱা ৷ আশা কৰো তুমি ভালেই আছা, নেদেখা জনক সদায় প্ৰাৰ্থনা কৰো তুমি যেন সদায় সুখেৰে থাকি জীৱনৰ প্ৰতিটো পল ভালদৰে উপভোগ কৰি থাকা ৷

 Assamese Love Letter / Assamese Love Letter for Girlfriend    

             এতিয়া তিনি বছৰ আগৰ স্মৃতিবোৰে মনত আউল লগাই দিয়ে হি জানা আজিৰ দৰে কেতিয়াবা কেতিয়াবা  সোঁৱৰণিৰ গৰ্ভত মাজে মাজে জিলিকি উঠে পুৰণি দিনৰ মৰম-ভালপোৱাৰ অভিমানৰ কথাবোৰ । পিছে আজি তোমাক বুজাবলৈ মোৰ একো ভাষা নাইসেয়ে মৌনতাকে নিজৰ ভাষা বুলি ভাবি মোৰ ডায়েৰী উকা পৃষ্ঠাবোৰ মৌনতাৰ শব্দৰে প্ৰকাশ কৰি থাকি নিজৰ নিসংগ মনটোক সান্তনা দিওঁ ৷ এতিয়া  মৌনতাৰ মাজতেই নিজক লৈ ব্যস্ত থাকোমৌনতাৰ মাজতেই মোৰ হাঁহি-কান্ধোনৰ ধেমালিবোৰ চলি থাকেমোৰ জোনাক বিহীন যাত্ৰাত মৌনতাই মোৰ সুখ-দুখৰ উৎস এতিয়া ৷ কিন্তু বুকুৰ কোনোবা এটা কোণত সেউজীয়া হৈ অকলে বহি থকা সপোনবোৰক কোনে বুজাব । নিশাৰ নিৰৱতাত সিহঁতে নামানে কোনো বাধাযান্ত্ৰিকতাৰ পৃথিৱীৰ ব্যস্ততাত যিমানেই নিজক সোমোৱাই নিদো কিয় আত্মকেন্দ্ৰিক ভাৱনাৰ কল্পনাত যেতিয়া মোৰ মনৰ আকাশখন বুৰ যা তেতিয়া তোমাৰ স্মৃতিৰ জোলোঙাত অতীতৰ দৰদী মৰমবোৰে বাৰুকৈয়ে আমনি কৰে জানা ৷ তোমাৰ জোনাকী মায়াবী মুখখনি আজিও মোৰ দুচকুত ভাঁহি থাকে ৷ আগতে নিশাটো তেনেই চুটি যেন লাগিছিল যেতিয়া তোমাৰ লগত কথা পাতি থাঁকো, গমেই পোৱা নাছিলো কেতিয়া পুৱতি নিশাৰ ঘোৰ অন্ধকাৰৰ আৱৰণ ফালি সুৰুজৰ হেঙুলীয়া ৰহণে ধৰণী পোহৰ কৰিছিল কিন্তু এতিয়া বুজি উঠিছো জানা এটা নিশা কিমান দীঘল হব পাৰে নিৰৱতাৰ নিসংগতাত ৷

 Assamese Love Letter / Assamese Love Letter for Girlfriend    

                তোমাক কইনা সাঁজত চোৱাৰ বৰ হেপাঁহ আছিলকিন্তু এইদৰে আনৰ কইনাৰ ৰূপত চাব নোৱাৰিলো ৷ মোৰ বুকু ভাগি যায় এতিয়াও জানা যেতিয়া আনৰ পত্নী বুলি তোমাক আজি কল্পনা কৰোঁ । কিন্তু মই যে নিৰুপায়  আজি ৷ সকলোৱে তোমাক এতিয়া বেয়া শব্দ প্ৰয়োগ কৰি প্ৰতাৰক বুলি গালি পাৰেমই বাধা দিওঁ সিহঁতক কাৰণ মোৰ মনে জানে তুমি ঠগ নহয় মাত্ৰ আছিলা এগৰাকী উচ্চকাংশা থকা নাৰী  তোমাৰ বিয়াৰ ফুলশয্যা দিনা জীৱনত প্ৰথম বাৰৰ বাবে মদৰ ৰাগিত তোমাক পাহৰিবলৈ মদৰ নিচাত ডিলিট কৰি দিছিলো তোমাৰ মোৰ মৰমৰ ফটোবোৰ এখন এখন কৈ আৰু তোমাৰ নাম্বাৰটো চিৰদিনৰ বাবে মোৰ ফোনৰ পৰা কাৰণ সেইদিনাৰ পৰা যে তুমি আনৰ হবা  আনৰ লগৰী হৈ ইমান সহজে যদি তুমি মোক পাহৰি যাব পাৰিলা হয় বুলি নাহেঁতেন তোমাৰ শপত খায় কৈছো তোমাক কাহানিও ইমান বেছি ভাল নাপালোহেঁতেন ৷ ভাবিছিলো এদিন মৰমৰ বাগিছাৰ ফুলবোৰ ফুলাই ৰং বিৰিং কৰি তুলিবা মোৰ হৃদয়ৰ চোতালখন, সেয়ে হৃদয়ৰ প্ৰবিত্ৰতাৰে ভাল পাইছিলো তোমাক, কিন্তু মোৰ হৃদয়ৰ মৰমৰ মুল্য হয়তো তোমাৰ উচ্চকাংশাৰ ওচৰত হাৰ মানি গমোৰ কষ্টকৰ জীৱনৰ পথটো চাগে তোমাৰ পচন্দ নহ, ভৰিত কাঁইটে বিন্ধাৰ ভয়ত চাগে তুমি মোৰ জীৱন সংগ্ৰামৰ সাৰথি হোৱাত দুশ্চিন্তাই দেখা দিলে তোমাৰ দুচকুত ৷ কিনো কম আৰু তোমাক আবেগৰ অভিমানত যিমানেই গালি নাপাৰো কিয় তোমাকমোৰ হৃদয়ে তোমাৰ কাহানিও অনিষ্ট হোৱা চাব নোৱাৰে ৷ তুমি মোৰ বাবে কষ্ট পোৱা সেইটো মই কেতিয়াও নিবিচাৰো কাৰ তুমিতো মোৰ মন আকাশৰ জোনাক আছিলা আৰু সদায়ে থাকিবা  মোৰ লগত ভালপোৱা খেল খেলি তুমি কি আত্ম সুখ পালা নাজানো কিন্তু মোৰো ভালপোৱাৰ উদ্দেশ্য যিকোনো প্ৰকাৰে তোমাক নিজৰ কৰা আছিল নে নাছিল নাজানো, কিন্তু যিকোনো প্ৰকাৰে তোমাক সুখী কৰা সপোন সদায় আছিল  কিমাননো লিখিম আৰু মোৰ বুকুৰ কথা বুজিও যেতিয়া তুমি বুজি নোপোৱাৰ ভাওঁ ধৰি আনৰ হৈ গুচি গলা ৷ চোৱা এতিয়া আকাশৰ ঘন অন্ধকাৰ ফালি কেনেকৈ পোহৰৰ ৰশ্মিবোৰ ওলাব ধৰিছে পিছে এতিয়াটো তুমি কাৰোবাৰ দুবাহুৰ বন্ধনত শুই আছা কেনেকৈনো দেখিবা ৷ শুই থাকা, সদায় সুখত থাকা তাৰে কামনাৰে আজিলৈ এৰিলো 

  ইতি

 তোমাৰ.........বাদ দিয়া


Also Read

শৰৎ” - শিহৰণৰ অন্য এটি নাম !

 যন্ত্ৰণা - Feeling of Sadness 

No comments