New Post

যন্ত্ৰণা - Feeling of Sadness - Siyor

  যন্ত্ৰণা - Feeling of Sadness


Sad love and life Status in Assamese, Feeling Sad, Feeling Lonely,
sadness in assamese



Feeling Sad Assamese /When You Feel Depressed/ Feeling Sad/ Feeling Lonely/ Feeling Depressed About Life in Assamese Language

           যন্ত্ৰণা, বুকুৰ ভিতৰত অনবৰতে কঢ়িয়াই লৈ ফুৰা এক অনামী অবুজ অনুভৱৰ প্ৰতিধ্বনিত দপ দপকৈ জ্বলি উঠা আশাৰ সপোনবোৰৰ ব্যৰ্থতাত বাগৰি অহা চকুলোৰ সহিব নোৱাৰা কষ্টৰ এটি ক্ষণৰ নাম ৷ যন্ত্ৰণা, বৰ অসহনীয় হৈ পৰে কেতিয়াবা অকল্পনীয় ভাৱে যেতিয়া জীৱনত নহবলগীয়া কিবা এটাই  নিবিচৰা ধৰণে ঘটি হৃদয়খনক শূণ্য কৰি তোলে ৷ উস ! বৰ কষ্ট হয় হৃদয়ৰ উশাহত বিয়পি পৰা উৎকণ্ঠাৰ সেই পৰিস্হিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৷ কিবা এক বিষাক্ত তাড়নাত চটফটাই থাকে হৃদযন্ত্ৰটোৱে, যেন শৰীৰৰ প্ৰতি ডাল শিৰা উপশিৰাৰ মাজেৰে বৈ থকা ৰক্তৰ সঞ্চালন স্তব্ধ  হৈ টনটনাই যাব ৷

 

        প্ৰভাতি সুৰুজৰ ৰক্তিম আভাই যি দৰে ৰাংঢ়ালি কৰি তোলে পৃথিৱীৰ কক্ষ, কলীয়া ডাৱৰেও তেনেকৈ গোমোঠা কৰি ৰাখে খন্তেকৰ বাবে সুৰুজৰ প্ৰখৰতাক, সেয়ে হয়তো শান্ত সৌম্য আৰু সুন্দৰভাৱে প্ৰবাহিত হৈ থকা সাগৰএখনো হঠাৎ উত্তাল হৈ উঠিব পাৰে ৷ পূৰ্ণিমাৰ জোনাকীৰ জোনালীয়ে যেনেকৈ সৃষ্টি কৰে কোনাবা শিল্পীৰ পৃথিৱীখন, কালৰাত্ৰিৰ অমানিশাও এদিনতে থান বান কৰি দিব পাৰে শিল্পীৰ সেই পৃথিৱী । তথাপিও মেঘাচন্ন ডাৱৰে  যি দৰে বহু পৰ ঢাকি ৰাখিব নোৱাৰে সুৰুজৰ কিৰণ বা কালৰাত্ৰিৰ অমানিশাই যিদৰে ৰাখিব নোৱাৰে  চিৰকাল জোনাকৰ মায়া, থিক সেইদৰেই  প্ৰচণ্ড জোৱাৰ আৰু শীতৰ  প্ৰকোপে নিৰ্বাপিত কৰিব নোৱাৰে জীৱনৰ অনুপম সৌন্দৰ্যক ।

Feeling Sad Assamese /When You Feel Depressed/ Feeling Sad/ Feeling Lonely/ Feeling Depressed About Life in Assamese Language

        যন্ত্ৰণা বুকুৰ অনুভব, এক অসহ্য বাধা য'ত নানা ৰঙী  হৈ পৰে এই যন্ত্ৰণা । আপোনজনৰ বিচ্ছেদত যন্ত্ৰণা, প্ৰিয়জনৰ বিশ্বাসঘাটকতাৰ যন্ত্ৰণা, কাৰোবাৰ পৰা আতৰি থকা যন্ত্ৰণা, পায় হেৰুৱাৰ যন্ত্ৰণা, নিসংগতাত, নিজনতাত, অতৃপ্ত বাসনাত সকলোতে মাথো যন্ত্ৰণা ৷ হৃদয়ৰ শূণ্যত যেতিয়া  কলিজা কপাঁই কৰুণ বিননি বিয়পি পৰে নিগৰি আহে কাৰোবাৰ দুচকুৰে  ধাৰাসাৰ অশ্ৰুৰ ধল ৷

  

            কিন্তু যন্ত্ৰণাওটো এক শিল্প, অশ্ৰুময় অনুভৱৰ গভীৰতাতহে  প্ৰকাশ পায় জীৱনৰ প্ৰকৃত অৰ্থ ৷ মহান মনিষিৰ জীৱনৰ পাঠ পুৰ্ণ হয় সুখ দুখৰ সাৰুৱা পলসেৰে ৷ ছাটিফুটি কৰি বিচাৰি ফুৰোঁ সেই যন্ত্ৰণাৰ বেদনাযি যন্ত্ৰণাই নিগৰাই কবিতা কবিৰ কলমেৰে, যি যন্ত্ৰণাই চিত্ৰৰ ৰূপত প্ৰাণ পাই উঠে চিত্ৰকৰৰ হাতৰ পৰশত, যি যন্ত্ৰণাই যাদু আনে শিল্পীৰ হাতত, যি যন্ত্ৰণাই সুৰৰ ঝংকাৰ তোলে গায়কৰ কণ্ঠত। সেয়ে জীৱনৰ কৃত্ৰিম শিলত থেকা খাই বৰ্ণিত হোৱা  যন্ত্ৰণাবোৰক যদি সৃষ্টিৰ উৎস বুলি মানি লব পাৰো তেতিয়া  যন্ত্ৰণাই  হব অনুপম সৌন্দৰ্যৰ অক্ষৰেখা ৷

*********

No comments