New Post

অনুভৱ কৰকচোন আপুনিও সুখী মানুহ - how to be happy assamese

 

অনুভৱ কৰকচোন আপুনি সুখী মানুহ  - How to be Happy Assamese

 

how to be happy assamese,
how to be happy

 

How to Make Yourself Happy in Assamese/ How to Make Someone Happy / How to Feel Happy/ How to Live a Happy Life     

         সুখ-দুখহাঁহি-কান্দোনপ্ৰাপ্তি-অপ্ৰাপ্তি, প্ৰেম-ঘৃণাজয়,পৰাজয় সমষ্টিৰ মায়াজালেই গোটেই জীৱন আবৃত আমাৰ৷ জীৱনত ঘটি যোৱা বা ঘটিবলগীয়া সকলোৱেই সম্ভৱ  কিন্তু দেখা যায় ব্যক্তি বিশেষে প্ৰত্যেক ব্যক্তিৰ জীৱনত সুখৰ সংজ্ঞা ভিন্ন ভিন্ন৷ কিন্তু সকলোৱে আমি অনুভৱ কৰো সুখ-দুখৰ মনেই একমাত্ৰ কাৰণ

প্ৰকৃততে ইচ্ছা কৰিলে মানুহ সুখী  পাৰে  দৈনন্দিন জীৱনত আমিবোৰ নিজ স্বাৰ্থ পূৰণত বা নিজৰ কৰ্মৰ মাজত ইমান গভীৰ ভাৱে ব্যস্ত হৈ যন্ত্ৰৰ দৰে জীয়াই থাকিব শিকিলো যে মধুময় জীৱনৰ সুৱাস লবলৈও আমি পাহৰি গৈছো দিনক দিনে 

        জীৱন বৰ ক্ষন্তেকীয়া  জীৱনৰ মায়াময় খেলখনত মৃত্যুৰ ওচৰত পৰাজয়  বৰণ কৰাৰ অপ্ৰিয় সত্যই আমাক চিৰদিন পৃথিৱীত থাকিবলৈ নিদিয়ে তথাপিও ৰামধেনুৰ ৰঙেৰে ভৰি থকা পৃথিৱীখনত জীৱনটোৰ মায়াই আমাক প্ৰতিদিনে নতুন আশাৰ বতৰা দিয়ে  কিন্তু যন্ত্ৰৰ দৰে কেৱল জীয়াই থকাটোৱেই জানো জীৱন ব পাৰে নে কেৱল জী থকাৰ বাবে জীয়াই থকাটোৱেই জীৱন ব পাৰে ! যদি জীৱনত কোনো সমস্যাৰ লগত জড়িত সুখ দুখৰ অনুভৱৰ মুখামুখি হোৱা নাই তেনে জীৱন প্ৰাণহীন শৰীৰৰ দৰে মুল্যহীন  হয়টো সেয়ে সংগামবিহীন জীৱন এটা অৰ্থহীন হৈ পৰে দুখ থাকিলেই জীৱনৰ মাদকতা কেতিয়াও শেষ হৈ যাব নোৱাৰে বা নাযায় । আৰু যদি দুখ নাথাকিলেহেতেঁন জীৱনত তেন্তে সুখৰ চৰাইজনী আহি 'ত জিৰণি লবহি ৷

 

How to Make Yourself Happy in Assamese/ How to Make Someone Happy / How to Feel Happy/ How to Live a Happy Life

        সুখ অনুভৱৰ কেইটামান কৌশল আগবঢ়ালো আপোনালোকলৈয়ো, যদি ভালপায় নিজৰ জীৱনত প্ৰয়োগ কৰি চাওঁক ৷

  • জীৱনটো সুখ আনন্দ উদযাপন কৰিবলৈ হ'লে মানুহক লাগিব সুস্বাস্থ্য  সুখ হৈছে মনৰ প্ৰশান্তি। মানুহ যেতিয়া নিৰোগী আৰু স্বাস্থ্যবান হয়তেতিয়া মানুহৰ  সুখ হয় সদায় আপোনাৰ শৰীৰটোৰ প্ৰতি সচেতন হব শিকক ৷
  • সুখ-দুখৰ মনেই হেনো প্ৰধান কাৰণ  সদায় নিজৰ মনটোক নিয়ন্ত্ৰণাধীন কৰি ৰাখক 
  • নোপোৱাবোৰ পোৱাৰ আকাংক্ষা থাকিব লাগেকিন্তু তাকে লৈ গোটেই জীৱনটো হাহাকাৰ কৰিব নালাগে  পোৱাখিনিক লৈ সুখী হবলৈ যত্ন কৰক 
  • সামাজিক কৰ্মৰ প্ৰতি অত্যুৎসাহীপৰোপকাৰী মনোভাৱে আপোনা জীৱনৰ প্ৰতি দৃষ্টিভংগী বহল কৰি সুখী মানুহ হিচাপে অনুভব কৰোৱাব 
  • পৰচৰ্চাৰ পৰা সদায় বিৰত থাকক  পৰচৰ্চাই সময় নষ্ট কৰাৰ নহয় কন্দলৰ সূত্ৰপাত সৃষ্টি কৰে আৰু এনে স্বভাৱে আপোনাক কেতিয়াও সুখী ব্যক্তি হিচাপে অনুভৱ কৰোৱাব নোৱাৰে 

How to Make Yourself Happy in Assamese/ How to Make Someone Happy / How to Feel Happy/ How to Live a Happy Life

  • প্ৰতেক ব্যক্তিৰ নিজা নিজা গুণ আছে ৷ আনৰ কিবা গুণ আপোনাতকৈ উচ্চ লে তাকে লৈ ঈৰ্ষা নকৰি প্ৰশংসা কৰক এনে চৰিত্ৰই আপোনাৰ মন সদায় উৎফুল্লিত কৰি ৰাখিব 
  • জীৱন আহি পৰা বিভিন্ন ধৰণৰ সংঘাতে মানুহৰ হৃদয় কোঙা কৰি থৈ যায়  কিয়নো সুখটো এখন শ্বল নহয় যে ইচ্ছা কৰিলে আমি নিজ ইচ্ছাৰে উৰি লব পাৰিম ৷ তথাপিও আপুনি ভাবি লওক ঘাত-প্ৰতিঘাতৰ জীৱন কেৱল আপোনাৰে নাই, সকলোৰে আছে, পৰিস্হতিবোৰ বেলগ বেলেগ হয় সকলোৰে ৷ সেয়ে সহজভাৱে লবলৈ যত্ন কৰক সকলো কথা ৷
  • হাঁহিৰে ঢাকিবা জীৱনৰ বেদনা  হাঁহিৰে বেদনা ঢাকি শিকিলে নিজকে আপুনি সুখী যেন অনুভব কৰিব 
  • সুখ ক? সুখী কোন ? সুখৰ সংজ্ঞা কি? এইবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ বৰ জটিল যদিও মানুহ হিচাপে আপুনি এজন মানুহৰ সৎ চিন্তা, সৎ ইচ্ছা, সৎ কৰ্ম আদিয়ে মানুহজনৰ কৰ্মৰ ফলাফলত সুখ অনুভৱ কৰাব পাৰে ৷

How to Make Yourself Happy in Assamese/ How to Make Someone Happy / How to Feel Happy/ How to Live a Happy Life

  • এৰা-ধৰাত্যাগেই জীৱন মহান কৰে  ইয়াতে জীৱনৰ চৰম সুখ নিহিত থাকে  আপুনিও তেনে স্বভাৱৰ গৰাকী হৈ উঠকচোন 
  • আপোনাৰ পৰিয়ালৰ মাজত এটা প্ৰীতিকৰ পৰিৱেশ গঢ়ি তোলক ৷ পৰিয়ালৰ মানুহৰ দোষবোৰ চকু দি নাথাকি গুণবোৰো বিচাৰ কৰি চাওঁকচোন ৷ দেখিব দোষবোৰৰ সমানে পৰিয়ালৰ সকলোৰে নিজা নিজা বহুত ভাল গুণো আছে , গতিকে আপুনি অসুখী নহয়  

No comments