New Post

মনত পৰেনে তোমাৰো কেতিয়াবা - Assamese Love Poem - Siyor

 মনত পৰেনে তোমাৰো কেতিয়াবা !

feeling of love in assamese, assamese romantic poem
feeling of love in assamese poem


Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese 

মনত পৰেনে তোমাৰ !

জোনাকত  তিতা সেই বৰষুণজাকলৈ !

বৰ ঘন আছিল টোপালবোৰ

তেতিয়াই তোমাৰ দুনয়নত দেখিছিলো

জোনাকৰ এজাক ধুমুহা ৷৷

এতিয়া কথাবোৰ লাহে লাহে পুৰণি হ'ব ধৰিছে

সোৱৰণিৰ গৰ্ভত কথাবোৰ পাহৰি যাবলৈ চেষ্টা কৰিছো !

যদিও পাহৰিব পৰা নাই !

প্ৰথম দুয়ো দেখা দেখি হোৱা সেই দিনবোৰ,

চকুৰ ভাষাৰে ক'ব বিচৰা হৃদয়ৰ কথাবোৰ,

স্পৰ্শত ঘন হোৱা উশাহবোৰ...........!

মনত পৰেনে তোমাৰো কেতিয়াবা  !

 

মনত পৰেনে তোমাৰ !

মোৰ জীৱনৰপৰা চিৰদিনৰ বাৰে আতৰি যোৱাৰ

প্ৰতিশ্ৰুতি দিয়া  চাৰি-আলিটোলৈ আহিলে

আজিও সেই ঠাইত ৰৈ ভাবো

আকৌ আমি উপনীত হ'ব পাৰিমনেএই ঠাইত একেলগে কেতিয়াবা !

'ত তোমাৰ অভিমানৰ কুঁৱলীবোৰ পমি পমি নাইকিয়া হ'

'ত দুয়ো দুয়োকে বুজিবলৈ অপ্ৰাণ চেষ্টা কৰিম

'ত ৰোমন্থন হ'ব অতীতৰ মধুৰ স্মৃতিবোৰ ৷৷

মনত পৰেনে তোমাৰো কেতিয়াবা  !

 ****************************

Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese 

 

মাথো পাহৰি থাকিব বিচাৰো তোমাক

মাথো পাহৰি থাকিব বিচাৰো তোমাক

বহুত ব্যস্ততাৰ মাজত

আজি নিজকে অতিবাহিত কৰি

হলে যে তোমাৰ স্মৃতিবোৰে বৰকৈ আমনি কৰে 

 

এতিয়া যে মোৰ আকাশ ডাৱৰে আবৰা

কোন মহূৰ্তত  বৰষুণৰ টোপাল হৈ সৰি পৰিব

কব নোৱাৰো

বিষাদৰ টোপালবোৰে

অসহ্যকৰ বেদনাৰে হৃদয়খন

চূৰ্ণ বিচিন্ন কৰি তুলিব 

 

মাথো পাহৰি থাকিব বিচাৰো তোমাক

তোমাৰ ছবিখন হৃদয়ৰপৰা

তোমাৰ লগত কটোৱা নীবি মহূৰ্তবোৰ

তোমাৰ জানো মনত আছে সপোনৰ কথাবোৰ

কি যে প্ৰশ্ন সুধিছো ...

মনটোৱে আজিও বিশ্বাস কৰিব টান পায়

কিমান বিশ্বাস কৰিলে বিশ্বাসঘাট কৰিব পাৰি

এতিয়া যে মৰহি গৈছে হৃদয়ৰ আবেগঅনুভূতিমৰমবোৰ

চানি ধৰিছে মাথো তাত হতাশাবিষাদআৰু এন্ধাৰৰ বেক্টৰিয়াৰে !!!

 ********************************************

Also Read

সোণালী পথাৰ

সময় 

যান্ত্ৰিকতাৰ বলি হলো অমা 

হাগৰ প্ৰথম বৰষুণ জাক  

তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি

তোমাক পাহৰিব বিচাৰিছো

কথা আছিল ! কথা নাছিল !

No comments