সোণালী পথাৰ- Assamese Poem - Siyor
সোণালী পথাৰ
assamese poem |
চোৱাচোন আই, ইমান ধুনীয়া হৈ পৰিছে তাই
সৌ সিদিনা লৈকে পিতাই লগত বোকা পানীত
মৈত উঠি খেলিছিলো
মৈৰ পিছে পিছে চালনি মাৰি মাছ ধৰিছিলো
শাওণৰ বোকাত দেহা পেলাই কষ্ট কৰিছিল পিতায়ে
ভাগৰি পৰিছিল পিতাই কপালৰ ঘাম মাটিত পেলাই
আজি চোৱা, পিতাই কষ্টত তাই কেনেকৈ লহ পহকৈ বাঢ়ি আহিছে
নিজৰ ৰূপৰ ওপৰত ৰহন সানি তাই
আজি সেউজীয়া হৈ পৰিছে
প্ৰকৃতিৰ ঔৰসতে
তাই আজি গৰ্ভৱতী হ'ল
Assamese
Poems in Assamese Language-Poem on nature-Assamese Language-Famous Assamese Poems-Assamese Poems
on Nature
প্ৰকৃতিৰ মায়াজালত গমেই নাপালে
কেতিয়ানো তাই গাভৰু হল
দেহত সোণবৰনীয়া মুকুতাৰে
তাই আজি লাজকুৰীয়া হৈ পৰিল
লাজতে চোৱা কিদৰে হাওলী পৰিছে দেহাটো তাইৰ
পিতাইৰ তাইলৈ মৰম বাঢ়ি আহিল
কিমান সযতনাই ৰাখিছিল তাইক
তাইক আদৰি আনিবলৈ পূজাওঁ কৰিলে
এতিয়া তাই আৰু বৰ নোৱাৰা হৈছে
চোৱাচোন আই, তাইক আদৰিবলৈ
পিতাই ঘৰ চোতাল চিকুনাইছে
বৰ ধুনীয়া ন আই তাই
আমাৰ ঘৰৰ লক্ষ্মী
আমাৰ সোণালী পথাৰ ॥
************************
Also Read
তোমাৰ
সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো
তোমাৰ
কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি
1 comment
nice
Post a Comment