"ভালপোৱা" - প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজত চেপা খাই থকা সময়খিনি - Love Story Assamese
"ভালপোৱা" - প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ মাজত চেপা খাই থকা সময়খিনি - Love Story Assamese
Love Story Assamese |
Assamese
Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of
Assamese
জীৱনত কেতিয়া কাক ভাল লাগি যায় কব নোৱাৰি, কেতিয়াবা কোনোবা কাষত থাকিও আমি গম নাপাওঁ সেইজনেই সেই বিশেষজন, যাক প্ৰতিটো পল মনে বিচাৰি ফুৰে ৷ কিন্তূ সেই বিশেষ মানুহজন যেতিয়া এদিন কাষত নাথাকে বা নেদেখোঁ মনটো যেন অকনো ভাল নালাগে, কিয় নাজানোঁ ৷ হয়তো যৌৱনটো এনেকুৱাই কোন কেতিয়া কাৰ বুকুৰ গভীৰতাত সোমায় পৰে কোনেও কব নোৱাৰে ৷বন্ধুত্বৰ মাজতো যেন প্ৰেম লুকাই থাকে, কাৰ হৃদয়ে কেতিয়া কাক ভাল লগাই যায় কোনেও নাজানে মাত্ৰ অনুভৱৰ দলিচাত সোমায় অহা আবেগে হৃদয় জোৰাই যায় ৷
হয়তো ভবা নাছিল সিহঁতেও কিজানি, কেতিয়া সিহঁতৰ বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰিত হৈ পৰিব ৷ বন্ধুত্বৰে আৰম্ভ হোৱা সৰ্ম্পকটো কেতিয়া হৃদয়ত ঠাই লৈ মনৰ জোনাকী আকাশখন মৰমেৰে পৰিপূৰ্ণ কৰি পেলাব ৷ অভি আৰু অনু দুয়ো ভাল বন্ধু আছিল । সিহঁতে ইটোৱে সিটোক বহুত ভাল পাইছিল । দুচকুৰ ভাষাৰে দিয়া উত্তৰবোৰ যে ইমান মিঠা হব পাৰে সিহঁতহালৰ বাদে কোনে বুজিব । কিন্তূ ইটোৱে সিটোক কোনোদিনে কব পৰা নাছিল ৷ যেন ক’লেই ইটোয়ে সিটোক বেয়া পায় আঁতৰি যোৱা ভয়, কিন্তূ সিহঁতৰ মনৰ সুবাসবোৰ যেন কলেজত লাহে লাহে বিয়পি পৰিছিল অথচ সিহঁতয়ো নাজানে ৷ মাত্ৰ সকলোৱে চায় আছিল দুটি মন এটি হোৱা ক্ষণতিলৈ ৷
মনৰ কথাবোৰ মনত সোমোৱাই দুয়ো সুখী হব পৰা নাছিল ৷ কিমান দিননো আৰু সিহঁত তেনেকৈ থাকিব ৷ কলেজৰ বন্ধত অনু অবিহনে অভিৰ দিনবোৰ বহু যুগৰ নিচিনা লাগিছিল ৷ তাই অবিহনে সি আধৰুৱা হৈ পৰিছিল ৷এদিন সাহস কৰি অভিয়েই অনুলৈ ফোন লগালে ৷
Assamese
Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of
Assamese
- হেল্লো .. অ অভি কোৱা ?
- কি কৰি আছা ?
- এনেই নৈ পাৰলৈ ওলায় আহিছোঁ লগৰ কেইজনীৰ লগত ৷
- তোমালোকৰে ভাল দেই নৈ-চৈ সব আছে ৷ আমিবোৰহে যান্ত্ৰিকতাৰ বিষাক্ত ধোঁৱা খায় থাকিব লাগে চহৰত৷
- অ’ হয় নেকি ! আহা তেতিয়াহ’লে আমাৰ ইয়ালৈকে, গাঁৱৰ বিশুদ্ধ বতাহ খাব পাৰিবা ৷
-ওমম্ ... তুমি যদি সন্মতি দিয়া, তেতিয়াহ’লে এদিন নহয় এদিনতো সঁচাকৈয়ে যাব লাগিব ৷
- মানে ?
- বাদ দিয়া পিছত কম ৷
- কি বাদ দিয়া আকৌ ৷ কি কথা কোৱা ?
- বাদ দিয়া এতিয়া ৷ পিছত কম ৷
- প্লিজ কোৱাচোন মোৰে শপত ।
- তুমি বেয়া পাবা !
- নাপাওঁ বেয়া । কোৱা এতিয়া ! প্লিজ..
- কিবা ভয়হে লাগিছে ৷
- ভয় আকৌ কিয় ? কোৱা কি কব বিছাৰিচা ৷
- কৈছো তেন্তে, প্লিজ.. বেয়া নাপাবা খালি মোক ৷
- নাপাওঁ বেয়া কোৱা এতিয়া৷
দীঘল উশাহ এটা ভাঁহি আহিল ফোনতে...
- আৰে কি হৈছে, ইমান nervous
feel কৰিছা যে ? কিবা বহুত important কথা নেকি ?
- ৰবা না অলপ সাহস গোটাই লৈছো মনত ক’বলৈ কথাখিনি তোমাক, ধেমালি কৰি আছা আকৌ তুমি ৷
- আচ্ছা বাবা নকওঁ আৰু .. কোৱা এতিয়া ৷
Assamese
Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of
Assamese
- কথাবোৰ কেনেকে কওঁ ভাবি পোৱা নাই ৷ তুমি মোক কি answer দিয়া মই নাজানো কিন্তূ মোক বেয়া নাপাবা তুমি ৷আচলতে কথাবোৰ মনৰ ভিতৰত ৰাখি বৰ কষ্ট পায় আছো, সেয়ে তোমাৰ আগত express কৰিব বিচাৰিছো ৷ তোমাৰ কোমল হাঁহি, শিশু যেন লগা নিষ্পাপ মুখখন আৰু তোমাৰ চকুজুৰিৰ গভীৰতাত কেতিয়া নিজক হেৰুৱাই পেলালো মই গমেই নাপালো, লাহে লাহে অনুভৱ কৰিছোঁ তোমাৰ অবিহনে মোৰ একো ভাল নলগা হৈ আহিছে, মই হয়তো তোমাক লাহে লাহে ভাল পায় পেলাইছোঁ অনু ! কিন্তূ ভয় লাগে তোমাক কবলৈ, কিজানি মোক ভুল বুজি তুমি মোৰ জীৱনৰ পৰা আতৰি যোৱা, তোমাক মই কেতিয়াও হেৰুৱাব নিবিচাৰো, মই সদায় তোমাৰ হাতত হাত ধৰি সপোন দেখিব বিচাৰো আৰু তোমাৰ কোলাত শান্তিৰে টোপনি যাব বিচাৰো, তোমাকেই বিচাৰো মোৰ জীৱনত ৷ প্লিজ মোক কেতিয়াও এৰি নাযাবা ৷ I Love You অনু … I really love with you.
- ফাটলামি কৰিছা ।
- নাই কৰা অ । সঁচাকৈ কৈছো । তুমি সদায় মোৰ কথাবোৰ ধেমালি বুলিয়েই ভাবা ৷ কেতিয়াও মোৰ মনৰ কথাবোৰ বুজিব নিবিচাৰা । মইতো হনুমান নহয় যে বুকু ফালি মোৰ হৃদয়ত তোমাৰ ছবি দেখুৱাব পাৰিম ৷ কিন্তূ তোমাক সঁচাকৈয়ে বহুত ভালপাওঁ মই ৷ একো নাই দিয়া মই তোমাক ভাল পায় পেলালোঁ বুলি তুমিয়ো যে মোক ভাল পাব লাগিব তেনেকুৱাটো কোনো কথা নাই ৷
- আৰু কিবা কবা ৷
- নকওঁ দিয়া । তোমাক আমনি কৰাৰ বাবে বেয়া নাপাবা ৷ I am sorry.. মনৰ কথাখিনি মনৰ মাজত সোমোৱায় থৈ বৰ কষ্ট পায় আছিলো, সেয়ে তোমাক কলো, বেয়া নাপাবা ৷
Assamese
Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of
Assamese
- কোনে কৈছে মই বেয়া পালো বুলি !
- মানে ।
- তাকো নুবুজা ? কিয় সদায় তোমাৰ কাষত থাকো, তাকো নুবুজা ৷ তোমাক বেয়া পাইছোঁ এটা কাৰণেই তোমাৰ কাষত থাকোঁতে তুমি মোক কিয় নকলা ৷
- তেতিয়া চাগে মোৰ গালত পুৰ্ণহতীয়া চৰ এটা দিলা হয় ৷
- হেয় এইটো...নামাৰো তোমাক ৷
- কি কলা হয় ? এইবোৰ ধেমালি মই ভাল নাপাওঁ বুলি ৷
- নহয় ৷
- তেন্তে ৷
- তোমাক জোৰত সাবটি ধৰি ময়ো কলো হয়, ময়ো তোমাক বহুত ভাল পাঁও অভি, তুমি মোক যিমান ভালপোৱা ময়ো চাগে তোমাক সিমানেই ভালপাবলৈ লৈছোঁ, তোমাৰ অবিহনে ময়ো আধৰুৱা অভি ৷ I
Love You অভি ৷
- কি কলা... কি কলা !!!
- কিয় নুশুনিলা নে ? নামাৰো তোমাক..
- তাৰ পিছৰ খিনি ৷
- মোৰ লাজ লাগে ৷
- আকৌ এবাৰ কোৱানা !
- I Love You.
- Really
- নহয় মিছাকে কৈছো ৷বেছি অলপ ...
- কোৱাচোন আকৌ এবাৰ ...Please
- I Love You .. OK... Bye
- অ’ই শুনাচোন..
- Bye…bye…
- Please, 108 ক ফোন এটা কৰানা অনু !! মোৰ কিবা হৈ যাব এতিয়া ৷
- হেয় এইটো ...Bye... Love u.
Assamese Romantic Love Story/ Heart
Touching Assamese Love Story / A Sweet love story of Assamese
প্ৰাপ্তিআৰু অপ্ৰাপ্তিৰ মাজত চেপা খাই থকা সময়খিনিত যেন ভালপোৱাৰ এক অচিন অজান অনুভূতিয়ে দুয়োকে মেৰিয়াই ধৰিলে ৷
*** সমাপ্ত ***
Also Read
“শেৱালি” - হৃদয়ৰ
এক প্ৰতিশ্ৰুতি !!
আৰম্ভণি এক পবিত্ৰ সৰ্ম্পকৰ -Love You Forever
No comments
Post a Comment