জোনাকৰ হাততেই হাত ধৰি - romantic poem assamese - Siyor
জোনাকৰ হাততেই হাত ধৰি !
| romantic poem assamese |
Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese/ romantic poems
অস্ত যোৱা বেলিটিয়ো উভতি আহে
নতুন পুৱা এটিৰ উপহাৰ দিবলৈ,
সেয়ে পাহৰিব নোখোজো সময়
আৰু সময়ে দিয়া উপহাৰবোৰ ।
মোৰ ওঁঠৰ সুমথিৰা হাঁহিবোৰ
শুকাই যাব খুজিছে,
অথচ থৰ হৈ ভাৱো এবাৰ
হাঁহিবোৰ উভতি আহিব এদিন
জোনাকৰ হাততেই হাত ধৰি !
*******************
ভাল
লাগে বাবেই
ভাল লাগে তোমাৰ কজলাচকুযুৰি,
ভাল লাগে তোমাৰ মিচিকিয়া হাহিঁটি,
ভাল লাগে তোমাৰ ভালপোৱাৰ
পোৱা নোপোৱা অনুভুতি,
ভাল লাগে তোমাক সদায়
অভিমান মৰম আৰু বুজাবুজিত
৷
ভাল লাগে বাবেই হয়তো
প্ৰতিক্ষণে প্ৰেমত পৰো তোমাৰ ৷
এদিন আহিব সময়,
আবৰণ খুলি জুৰাম তোমাৰ হৃদয়
দুনয়নৰ নিলাজ চাৱনীত
সৰি পৰিব তোমাৰ লাজৰ ওৰণী I
স্বপ্ন কল্পনাৰ আকাঙ্ক্ষাৰ পম খেদি
উৰি যাম দুয়ো হেঁপাহৰ আকাশলৈ
নিজকে বিলাই আমাক পাবলে ॥
ভাল লাগে বাবেই হয়তো
প্ৰতিক্ষণে প্ৰেমত পৰো তোমাৰ ৷
*******************
আবেগ
সেপঢুকি গিলি থোৱা
তোমাৰ গোপন হুমুনিয়া,
হৃদয়ৰ কোনোবা কোণত জাপি থোৱা
তোমাৰ বজৰুবা ভাবনা,
এইবোৰৰ আবেগ বৰ থুনুকা
যেন দুডাল জোৰোৱা পচা সূতা
চুলেই ছিগে আৰু
বাৰিষাৰ
ঢল হৈ চকুৰে দি নিগৰে ।
*******************
ভালপোৱা এক স্বাৰ্থপৰ অনুৰাগহে মাথোন, খুব ক্ষন্তেকীয়াৰ
শীতৰ নিশা এটিতে জোনাকী এজনীয়ে
নিয়ৰৰ দলিচা গচকি
এবুকু সপোন লৈ আহিছিল মোৰ কাষলৈ
মেঘৰ আচল ফালি অহা জোনাক চায় তাই হাঁহিছিল
এছাটি ফাগুনী
পচোৱা হৈ ওঁঠত ৰং সানি তাই মাতিছিল
মই উন্মাদ হৈ পৰিছিলো লাহে লাহে
তাইৰ দুই ওঁঠৰ হাঁহিবোৰত জিলিকি থকা মৰমবোৰত
ক্ৰমান্বয়ে হেৰাই গৈছিলো দুবাহুৰ অবুজ মায়াময় আলিঙ্গনত
বুকুত জাপ জাপকে ঠাহ খাই থকা
কলা মেঘৰ ডাৱৰবোৰ আতৰি গৈছিল
হৃদয়খন আকৌ এবাৰ ফৰকাল হৈ উঠিছিল
সপোনৰ মাজত জীয়াই থকাৰ হেঁপাহ জাগিছিল
আৰু শেষত তাই যেনেকৈ আহিছিল তেনেকৈ তাই উভতি গৈছিল,
তথাপি অপেক্ষা কৰিছিলো কিজানিবা সপোনবোৰ আকৌ ঘুৰি আহিব
কিন্তু হেৰুৱা সপোনবোৰ জানো কাহানিবা দুনাই ঘুৰি আহে ????
মাথো আকৌ এবাৰ তাই প্ৰমাণ কৰি গুচি গৈছিল
ভালপোৱা এক স্বাৰ্থপৰ অনুৰাগহে মাথোন, খুব ক্ষন্তেকীয়াৰ ॥
***************************************
Also Read
তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো
তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি
No comments
Post a Comment