New Post

তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত - assamese breakup poem - Siyor

 তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহ

assamese breakup poem, assamese sad poem
assamese breakup poem


Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese

তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত

কেতিয়া তোমাৰ সৈতে চিনাকী হৈছিলো মনত নপৰে

 হিয়াখনো তোমাক উপহাৰ হিচাপে দিয়া নাছিলোঁ

প্ৰণয়ৰ বান্ধোনত বান্ধ খাবলৈ

তথাপি কেনেকৈ নাজানো অভিমানবোৰত

লাহে লাহে সোমায় পৰিছিল  মৰমৰ এজাক মলয়া বতাহ

হাঁহি ধেমালিত হোৱা কথা বৰ্তাবোৰে

গুণগুণাই উঠিছিল বুকুত প্ৰণয়ৰ সুৰ হৈ

সেয়ে হয়তো  জোনাকৰ এজাক বৰষা হৈ

 তুমি নামি আহিছিলা নিজৰাৰ কুল কুল শব্দৰে

প্ৰণয়ৰ আবতৰীয়া বান এজাক হৈ মোৰ বুকুলৈ

 

Sad Breakup Poetry/ Assamese Sad Poetry / Heart Touching Sad Poems about Depression in Assamese / Sad Love Poetry in Assamese

এন্ধাৰত খিলখিলাই ভালপোৱা জোনাকীজনীৰ

মনটোক চুৰ কৰিবলৈ মন ব্যাকুল হৈ পৰিছিল

কিন্তু এন্ধাৰখিনিৰ দৰে মই যে হব নোৱাৰিলো

এন্ধাৰ মানেই আন্ধকাৰ

যত সকলো সমান হৈ পৰে নিচিনে উচ্চতা আৰু নিম্নতাৰ প্ৰভেদ

কিন্তু তোমাৰ বাবে মোৰ হৃদয়ত থকা মৰমখিনিৰ মাজত

গঢ়ি উঠিছিল এখন উচ্চতাৰ বিশাল দিবালয়

হয়তো তেতিয়াই পিছহুহকি আহিছিলো তোমাৰ কাষৰপৰা

তথাপিও তোমাক একপক্ষীয় ভালপোৱাত

 মোক কোনেও বাধা দিব নোৱাৰিছিল আনকি তুমিও

 কাৰণ ভালপোৱাবোৰ মোৰ নিজৰ

অভিমান নকৰাকৈ তোমাৰ

 সপোনবোৰ চুৰ কৰাৰ হেঁপাহ মোৰ

আগৰ দৰে আজিও আছে আৰু সদায় থাকিব ... ।।

 

***********::::::::::::::::::***********

Also Read

সোণালী পথাৰ

সময় 

যান্ত্ৰিকতাৰ বলি হলো অমা 

মনত পৰেনে তোমাৰো কেতিয়াবা !

হাগৰ প্ৰথম বৰষুণ জাক  

তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো

তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি

তোমাক পাহৰিব বিচাৰিছো

কথা আছিল ! কথা নাছিল !

নিৰবতাৰ আস্ফালন

জোনাকৰ  হাততেই  হাত  ধৰি !


No comments