New Post

কৌতুক- Assamese Jokes - Siyor

  কৌতুক Assamese Jokes

assamese comedy, assamese comedy caption,
assamese comedy caption


Assamese comedy/Assamese funny status/ Assamese funny quotes 

নগেন : মই বিয়াত আজি ৪৯ খন ৰুটি খালো ৷

যোগেন :  আৰু এখন খায় হাফ চেঞ্চুৰি কৰি দিব লাগিছিল 

নগেন : তই মোক কি খকুৱা বুলি ভাবিছ নে ?

 

শিক্ষক : নগেন কচোন, এনেকুৱা কি প্ৰজাতিৰ জীৱ আছে যি আকাশত উৰে আৰু মৰ্ত্যত পোৱালি জন্ম দিয়ে ?

নগেন : এয়াৰহোষ্টজ চাৰ !!

 

শিক্ষক : নগেন তোমাক কালি চৰায় বিষয়ে যোৱাকালি পঢ়ি আহিবলৈ কৈছিলো নহয়, পঢ়িলা নে ?

নগেন : পঢ়িচিলো চাৰ ( মিছাকে কলে ) ৷

শিক্ষক : ভাল লৰা, বাৰু কোৱাচোন কি চৰায়ে উৰিব নোৱাৰে ?

নগেন : মৰা চৰায়ে চাৰ ৷

 

শিক্ষক : নগেন ধৰি লোৱা তুমি এটা বস্তু ৫:৫০ টকাত কিনি ১০:২০ টকাত বিক্ৰি কৰিলা, এতিয়া কোৱাচোন তোমাৰ লাভ হবনে লোকচান হব ?

নগেন : চাৰ, (মূৰ খজুৱাই ) টকাৰ ফালে লাভ হ, কিন্তু পইচাৰ ফালে লোকচান হব ৷

 

শিক্ষক : নগেন কোৱা চোন পৃথিৱীত আটাইতকৈ বেছি হাঁহি স্ফুটি কৰি থকা প্ৰাণীটোৰ নাম কি ?

নগেন : হাতী চাৰ ৷

শিক্ষক : কেনেকৈ ?

নগেন :  চাৰ, হাতীয়ে সকলো সময়তে দাঁত উলিয়াই থাকে ৷

 

শিক্ষক : নগেন কোৱা চোন নতুন Technology আহাৰ পৰা আমাৰ সুবিধা হৈছে নে অসুবিধা হৈছে ?

নগেন : সুবিধা হৈছে চাৰ ৷

শিক্ষক : Good Boy … কেনেকৈ সুবিধা হৈছে সবকে কোৱা চোন ?

নগেন :  চাৰ, আগতে ক্ৰীম- পাউদাৰ ঘঁহি মানুহে ফটো তুলে আৰু এতিয়া ফটো তুলি brightness  বঢ়ায় দিয়ে  চাৰ 

 

ৰন্টুৱে বাথৰুমত গা ধুব গৈ পিছলি পৰিল ৷মাকে শব্দ শুনি ৰন্টুক সুধিলে : “পৰিলা নেকি  দেহা ?”  ৰন্টু : “ নাই পৰা মা ”  নাই পৰা যদি সেইটো কিহৰ শব্দ আছিল ? ৰন্টু : “নহয় মা.. মোৰ গেঞ্জীটোহে পৰিছে ৷”  মাক :  “গেঞ্জীটো পৰোতে ইমান শব্দ  নে ?” ৰন্টু :  “তাৰ ভিতৰত মইও আছিলো মা 

 

নগেনে তলত সৰি থকা কেচাঁ আমটো দলিয়াই গছৰ পকি থকা আমবোৰ সৰাই আছিল ৷ পিছফালৰপৰা আম গছৰ মালিকে মনে মনে আহি নগেনৰ কাণত ধৰি সুধিলে ঐ খটাসুৰ, আমবোৰ কিয় সৰাই আছ ? চুৰ কৰি নিব মন নে নগেন : নহয় খুড়া, মই সৰি থকা কেচাঁ আমটো আকৌ গছত লগাই থবহে খুজিছোঁ পকিবলৈ ৷

 

এদিন জিভাই দাঁতক  কলে : দাঁত তোমালোক কিমান যে শক্তিশালীতোমালোকে মাংসৰ  হাড়ো গুৰি কৰি দিব পাৰা ৷তোমালোকৰ ভয়ত মই কঁপি থাকো জানা  দাঁতে জিভাক কলে : তোমালৈহে আমাৰ বেছি ভয় লাগে জানা৷ কাৰণ তুমি যদি কাৰোবাক যদি উল্টা পাল্টা কথা কৈ দিয়াএক ঘোচাতে আমাৰ দাঁত ভাঙি দিব আৰু তুমিটো আমাৰ মাজতে লুকাই থাকিবা  গতিকে তোমালৈহে বৰ ভয় লাগে 

 

ভাত খায় থাকোতে গিৰিয়েকে ভাতত শিলগুটি এটা পায় পত্নীক কলে, “ হেৰা ভগৱানে তোমাক চকু দুটা এনে  দিছে নেকি চাউলখিনি বাচোতে শিলগুটি এটাও বাচিব নোৱাৰা ৷তাকে শুনি পত্নীয়ে গিৰিয়েক কলে, “ হেৰি আপোনাকো ভগৱানে ৩২ টা দাঁত এনেই দিছে নেকি শিলগুটি এটাও ভাঙি চোৱায় খাব নোৱাৰে ৷

 

পত্নী- হেৰি আপোনাৰ বন্ধু নগেনে বিয়া পাতিব বিচৰা ছোৱালীজনী ভাল নহয়, আপুনি কিয় তাক ৰখোৱা নাই ৷

পতি কিয় ৰখাম তাক মই, সিয়োটো মোক ৰখোৱা নাছিল ৷

 

পত্নী- হেৰি শুনিছে, আমাক বিয়া কৰাই দিয়া দেউজন মৰিলে হেনো ৷

পতি কি কৰিবা আৰু এদিন নহয় এদিন তেওঁ নিজৰ কৰ্মফল পাবই আছিল৷

 

 Assamese comedy/Assamese funny status/ Assamese funny quotes 


পত্নী হেৰি, ঘৰৰ পৰা বাহিৰলৈ ওলায় গলে ভগৱানক সেৱা কৰি যাব চোন, সকলো কাম ভাল হব ৷

পতি মই বিশ্বাস নকৰো ৷ বিয়াৰ দিনা ময়ো চোন ভগৱানক সেৱা কৰিয়েই ঘৰৰ পৰা ওলায় গৈছিলো ৷

 

 

No comments