হাঁহিৰ আখৰা - Assamese Jokes - Siyor
হাঁহিৰ আখৰা Assamese Jokes
Assamese funny memes/ Assamese funny quotes/ Assamese comedy/ Assamese funny status
assamese funny memes |
1. গিৰিয়েক আৰু ঘৈণীয়েকৰ কাজিয়া লগাৰ পিছত দুয়োৰে মাতবোল নাই ৷ ইফালে
ৰাতিপুৱাই পাঁচ বজাতে গিৰিয়েকৰ এফালে যাব লগা আছে ৷ এতিয়া মাত দিয়ে কেনেকৈ
ঘৈণীয়েকক, সেয়ে বহু ভাবি-চিন্তি এটা উপায়
উলিয়ালে ৷ এখন কাগজত গিৰিয়েক লিখিলে “ মই ৰাতিপুৱাই পাঁচ
বজাতে এফালে যাব লগা আছে ৷মোক পাঁচ বজাৰ আগতে মাতি দিবা ৷”
গিৰিয়েক ৰাতিপুৱাই সাত বজাত সাৰ পাই উঠি খংৰে ঘৈণীয়েকক ক’লে-“হেৰা মই তোমাক ৰাতিপুৱাই পাঁচ বজাৰ আগতে মাতি
দিবলৈ কৈছিলো নহয়, কিয় নামাতিলা ? ঘৈণীয়েকে
তেতিয়া ক’লে -“ মই শুনা নাই মাতিবলৈ
কোৱা ৷ গিৰিয়েক ক’লে – কিয় ! মেজৰ ওপৰত
মই লিখি থৈছিলো চোন, তুমি দেখা নাই নেকি ? ঘৈণীয়েকে তেতিয়া ক’লে-“ মই
আপোনাৰ মূৰৰ শিতানত যে লিখি থৈছো, হেৰি ! পাঁচ বাজিব হ’ল বেছি পৰ নাই আৰু উঠক, আপুনি দেখা নাই নেকি ?”
2. এজন ল’ৰাই হোটেল এখনত গৈ সুধিলে- গৰম
কি আছে দাদা ? চেলমেন জনে ক’লে- চিঙৰা
আছে ৷ল’ৰা জনে ক’লে- এটা লৈ আহক ৷
চেলমেন জনে এটা চিঙৰা আনি দিলে ৷ চিঙৰাটো
লাৰি-চাৰি চাই ক’লে - ইয়াতকৈ
গৰম কি আছে ? চেলমেন জনে ক’লে- জেলেপি
আছে ৷ ল’ৰা জনে ক’লে- তাকেই এখন দিয়ক,
এইটো লৈ যাওঁক ৷ চেলমেন জনে চিঙৰাটো
নি জেলেপি এখন আনি দিলে ৷ ল’ৰা জনে জেলেপি খনো লাৰি-চাৰি চাই ক’লে - ইয়াতকৈ গৰম কি আছে ? চেলমেন জনে ক’লে- ৰসগোল্লা আছে ৷ ল’ৰা জনে ক’লে- ৰসগোল্লা এটাকে দিয়ক, এইখন লৈ যাওঁক ৷ চেলমেন
জনে জেলেপি খন নি ৰসগোল্লা এটা আনি দিলে ৷
ৰসগোল্লাটোকো ল’ৰা জনে লাৰি-চাৰি চাই ক’লে - ইয়াতকৈ গৰম কি আছে ? চেলমেন জনৰ খং উঠিল আৰু ক’লে- জুইৰ আঙঠা আছে ৷ ল’ৰা জনে ক’লে- তাকেই দিয়া ৰসগোল্লাটো লৈ যাওঁক ৷
চেলমেন জনে প্লেট এখনত জ্বলি থকা জুইৰ আঙঠা
এটা আনি দিলে ৷ ল’ৰা জনে জেপৰ পৰা চিগাৰেট এটা উলিয়াই জুইৰ
আঙঠাটোত জ্বলায় খাই গুচি গ’ল ৷
3. বাইদেউ : ভাইটি , তই য’তে ত’তে ছোৱালী জোকাই নুফুৰিবি আকৌ ৷ আজি কালি ছোৱালীবোৰে তৎক্ষণাত চেন্দেল
ব্যৱহাৰ কৰে ৷
ভাইটি : জানো বাইদেউ , সেই কাৰণে মই ফিটা লগোৱা
চেন্দেল পিন্ধা ছোৱালীবোৰকহে জোকাওঁ ৷
4. দুজন বৰ শকত শকত মানুহ ৰে’লৰ
ডবা এটাত বহি আহি আছিল ৷ আহি আহি ৰে’লখন বেলেগ ষ্টেচন পালেহি
৷ তাতে দুজন ক্ষীণ মানুহ সেই ডবাতে উঠি শকত মানুহ দুজনক দেখি ইজনে সিজনক ঠাট্টা সুৰত ক’ব ধৰিলে- এই ডবাটো বাৰু
হাতিৰ বাবেহে নেকি ? সিহতঁৰ কথা শুনি শকত মানুহ দুজনে দেখি ইজনে সিজনক ক’ব ধৰিলে-নহয়, ইয়াত
কুকুৰ শিয়ালৰ বাবেও আসন আছে, আহক ৷
5. ৰোগী : কি ঔষধ দিলে, ডাক্তৰ ? অলপো
দেখোন ভালেই পোৱা নাই চোন ৷
ডাক্তৰ: মই লিখি দিয়ামতে খাইছিলেনে ?
ৰোগী : কিয় নাখাম বাৰু ? আহাৰৰ আগত এপালি আৰু পাছত এপালি খাব কৈছিলে নহয় তেনেকৈয়ে খাইছো৷ প্ৰথম
পালি খালো জেঠৰ শেষত আৰু দ্বিতীয় পালি খালো শাওনৰ পহিলা তাৰিখতে ৷
Assamese comedy/ Assamese funny status/ Assamese funny quotes
6. শিক্ষক : যতীন কচোন এভাৰেষ্ট শৃংগটো কিমান ওখ ?
যতীন : নাজানো ছাৰ ৷
শিক্ষক : অই গাধ বেঞ্চৰ ওপৰত উঠ ৷
যতীন : বেঞ্চৰ ওপৰত উঠিলে দেখিম নেকি ছাৰ ?
7.পূজাৰ বজাৰ, কাপোৰৰ দোকানত খুব ভিৰ লাগি
আছিল ৷ দোকানৰ মালিকে হাতত টকা লৈ গণি আছিল, এজন মানুহে বৰ
ঘূৰি ঘূৰি দোকানৰ মালিকৰ ফালে চাই থকা দেখি দোকানৰ মালিকে মানুহজনক সুধিলে- আপোনাক
কি লাগে, কওঁকচোন ? মানুহজনে ক’লে- মই যিটো বিচাৰিছো, সেইটো দেখোন মই পোৱাই নাই৷
দোকানীজনে ক’লে- আপুনি বা কি বিচাৰিছে ? মানুহজনে ক’লে- এটা সুযোগ ৷
No comments
Post a Comment