অসমীয়া কবিতা- Assamese poems - Siyor
অসমীয়া কবিতা-Assamese poem- Siyor
You are searching Assamese
poems (অসমীয়া
কবিতা)
to read online, so that Google show you this website. Here you can find best Assamese poems (আধুনিক অসমীয়া কবিতা) for you so that you can read them here. If you
like to read these Assamese poems (অসমীয়া কবিতা) and make a good feeling in your heart please
share your friends, Thank you.
Assamese Poem Siyor |
যদি ভালপোৱাবোৰ ...
যদি ভালপোৱাবোৰ উভয়ে চৰ্তবিহীনভাৱে
এখন হিয়াৰ পৰা আন এখন হিয়ালৈ অহৰহ আহিলেহেঁতেন
তেন্তে তেনে ভালপোৱাক পাবলৈ বুকুখনে কিছুদিন লঘোণ খাটিও
আনন্দৰ মিচিকীয়া হাঁহিটি মৰাৰ অনুশীলন গঢ়িলহেঁতেন ॥
কিন্তু প্ৰেম- ভালপোৱাৰ ব্যৱসায়টো
একপক্ষীয় সুখৰ বিনিময়তহে খুবেই ভালে চলে ৷
এতিয়া আৰু ভাবনাবোৰৰ স্পষ্টীকৰণ শুনিব নোখোজো
সেইবোৰ ঠিক পুৰণি যান-বাহনৰ ধোঁৱাৰ দৰে
বিষাক্ত গেছ নিগৰাই মাথো ক'লাৰে হৃদয় পুৰিব খোজে ...
****************************************
হিয়াৰ আৰ্তনাদ
সুপৰিকল্পিত বাণৰ কম্পনে
বিদাৰিত কৰে হৃদয়ৰ ভাষা,
অচল কৰি নিঃস্ব কৰে অচিন দেহা
বিশ্বাস নামৰ শব্দটিও
যেন আজি সংজ্ঞাহীন
ৰিক্ত হৃদয়, লুপ্ত সময়
নিৰব বিষাদ, নিমোহ অলেখ্য
কবৰ হৃদয়ৰ চেচাঁ হুমুনিয়াহ
ৰুদ্ধ হয় জীৱনৰ মায়া চক্ৰ
শূণ্যতাত বিয়পে অপূৰ্ণ নিদাৰুণ গাথাঁ
সোঁৱৰি মাথোঁ বিষাক্ত নিনাদক
এন্ধাৰ ৰাতিৰ জোনাকীৰ লগত
কিয়নো বাৰে বাৰে উন্মত্ত গৰ্জনেৰে
অভেদ্য হৃদয়ক ভেদ কৰি
উপায়হীন কৰি তোলে হিয়াৰ আৰ্তনাদ !!
*******************************
এটি দীঘলীয়া উজাগৰি ৰাতি
গোমোঠা মেঘৰ গাজৰনিত বাৰিষাৰ ধল নামে
উন্মুক্ত বতাহৰ তীব্র সুহুৰিত হৃদয়ত মায়াবী শিহৰণ জাগে
এমুঠী জিয়া আবেগে দুস্বপ্নৰ মায়াৰূপী দানৱ হৈ
নিঃশব্দে মেৰিয়াই ধৰে হাওঁফাওঁটোক ছাঁয়াৰ দৰে
চিঞৰি উঠো অজানিতে
কষ্টৰে নিশ্বাস এৰি
নিৰবে অপেক্ষা কৰো মাথো পোহৰলৈ
কটাই এটি দীঘলীয়া উজাগৰি ৰাতি ॥
******************************
Also Read
তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো
তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি
তোমাৰ
সপোনবোৰ চুৰ কৰাৰ হেঁপাহত
No comments
Post a Comment