Assamese motivational poems - অসমীয়া প্ৰেৰণাদায়ক কবিতা - Siyor
Assamese motivational poems for success
অসমীয়া প্ৰেৰণাদায়ক কবিতা - Siyor : To
read this Assamese
Motivational Poem line that will make you amazing. So, let's see the Poems.
স্বপ্নহীন ন'হবি কেতিয়াও
স্বপ্নহীন ন'হবি কেতিয়াও
দুখৰ কি দোষ --
তোৰ বাবে হ'ব লাগিব সিয়ো জীৱনৰে সমীক্ষা
জীৱনৰে গান
নহ'লে জীৱনে হত্যা কৰাৰ আগতেই
তই কৰিব লাগিব আত্মহত্যা ॥
ব্যৰ্থতাৰ গোন্ধত বাটৰ কাষত পৰি ৰ'ব কেৱল
তোৰ নামৰ মৰা শ'টো,
নাযাব কোনো তোৰ কাষ চাপি ,
মৃত্যুও হ'ব তোৰ বাবে ব্যৰ্থ ॥
*********************
ভগৱানৰ অৱতাৰ নহয় মই
পূজাও কৰিম, মন্ত্ৰৰ জাপো কৰিম
ভগৱানৰ অৱতাৰ নহয় মই,
সেইকাৰণে অলপ পাপো কৰিম ॥
পূণ্য কৰি স্বৰ্গ সুখ লাভৰ আশা নাই মোৰ
কৰ্মক মানি সিধা কাম কৰিম মই
নিশাৰ টোপনিত সপোন চাব সময় নাই মোৰ,
শুব' নিদিয়া সপোনৰ পাতনি ৰচিবলৈ
কেৱল তপস্যা কৰিম মই
অন্ত নোহোৱা যাত্ৰাৰ যাত্ৰী মই
যাত্ৰা শেষ নোহোৱালৈকে বিৰাম নলওঁ মই
তাৰ বাবে পূজাও কৰিম , মন্ত্ৰৰ জাপো কৰিম
ভগৱানৰ অৱতাৰ নহয় মই,
সেইকাৰণে অলপ পাপো কৰিম ॥
******************************
এমুঠি হাঁহি খামুচি
মুক্ত আকাশলৈ চায় এবাৰ হাত মেলিও চোৱা
শুকুলা এমুঠি হাঁহি খামুচি
তোমাৰ ওঁঠত এবাৰ সানিটো লোৱা ৷
যদিও দুখ নামৰ বেলিকা আছে
তেন্তে তাক বিদায়ো দিবলৈ শিকা
মাথো আগুৱাই গৈ থাকা থমকি নৰবা
কাঞ্চনজংঘাৰ শিখৰত উৰিব
তোমাৰ সফলতাৰ ধ্বজা;
জ্ঞান নামৰ অস্ত্ৰ লগত লৈ যুজিটো চোৱা ॥
********************************
আক্ষেপ কৰিব পৰাকৈ মোৰ হৃদয়ত এতিয়া
অনুভৱৰ অভাৱ ;
অমাৱস্যাৰ এখন আকাশ মোৰ ওপৰত
আৰু এটা ম্লান হাঁহি মোৰ দুটি ওঁঠত
তথাপিও সুখী কিয়নো
জীৱনৰ অন্য এটি নাম সংঘৰ্ষ ॥
অমাৱস্যা দোভাগ ৰাতি উশাহ সলাওঁতেই ,
ঘোৰ আন্ধাৰে জোকাই
সূৰ্য্যৰ পোহৰ ধাৰ লবলৈ
চন্দ্রইয়ো পাহৰি যায়
তথাপিও পোহৰৰ মাজতো থাকে প্রতিবাদ ;
সেয়ে চন্দ্ৰ উজ্জ্বল এতিয়া, বিদায় অৱসাদ ॥
**********************************
Also Read
তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো
তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি
তোমাৰ
সপোনবোৰ চুৰ কৰাৰ হেঁপাহত
No comments
Post a Comment