Best Assamese Poem For Love - Assamese Poetry - Siyor
Best Assamese Poem For Love - Assamese Poetry - Siyor
Assamese
poem for love really amazing
and mysterious have a look and which
you can read & share with your love ones ...Hope Assamese poem for love will make you romantic.
Best Assamese Poem For Love |
হেঁপাহৰ এটি দিন
কটাম বুলি ভাবিছো তোমাৰ স’তে এটি হেঁপাহৰ দিন ৷
তোমাৰ স্বপ্নময়ী দুচকুৰ গভীৰতাত হেৰাই যাম সিদিনা
নাইবা তোমাৰ গোলপীয়া ওঠঁত আঁকি দিম মোৰ
পুৰঠ ওঠঁৰে এটি দীঘল চুমা …..
তোমাৰ লিহিৰি আঙুলিৰ ফাঁকত
মোৰ দুহাতৰ আঙুলিবোৰে আঁকিব
প্রেম আৰু কবিতাৰ আকাশ ৷
এক আদিম সুখানুভুতিৰে ভৰি পৰিব আমাৰ চৌপাশ
ইজনে সিজনক নতুনকৈ অনুভৱ কৰি
গঢ়িম আমি উজনি-নামনিৰ সমন্বয়ৰ এনাজৰীডাল ।
তুমি ভালপোৱা ৰঙৰ কাপোৰসাঁজ পিন্ধি আহিবা
মই হইতো বাৰে বাৰে আজি তোমাক
তামাম ধুনীয়া লাগিছে বুলি কৈ জুকাম ..
পুলকিত হৈ পৰিব তোমাৰ মন
জিলিক উঠিব সেন্দুৰীয়া হৈ তোমাৰ কোমলীয়া দুগাল ।
সৰু সৰু কথাতে মই সিদিনা নকৰো অভিমান
পাতিম মাথো আমি সিদিনা অফুৰন্ত বহুত কথা ..
প্রেমৰ…জীৱনৰ…কিম্বা আমাৰ সোণালী ভবিষ্যতৰ ৷
সেইদিনায়ে মই তোমাৰ প্রেমত নতুনকৈ পৰিম
চকুত চকু থৈ আকৌ এবাৰ কম কিমান ভালপাঁও তোমাক
কটাম বুলি ভাবিছো তোমাৰ স’তে হেঁপাহৰ এটি দিন
আহিবনে আকাঙ্ক্ষাৰ সেইদিনটি আমাৰ ...
*******************************************
অনুভৱৰ পদূলিত
অনুভৱৰ পদূলিত
গঢ়িছো শেৱালীৰ জোনাকেৰে ভৰা এখনি আকাশ ॥
শুই আছো দুবৰী দেশত তৰাৰ সতে উমলি
তুমি আহিবা বুলি !!!
দুহাত মেলি চাওঁ আকাশলৈ
উৰুৱাই দি জোনাকী জনীক
তোমাৰ বতৰা লৈ আনে কিজানি !
*****************************
অভিমানবোৰ কিয়নো নকৰিম
অভিমানবোৰ কিয়নো নকৰিম
ফাগুন যদি প্ৰেম, পছোৱা তাৰ স্নেহ ।
ফাগুনে যদি হৃদয় মিলায়, পছোৱাই তাক কাষ চপায় ।
বহাগে যদি ৰহন সানে, শাওনে তাক জীপাল কৰে ।
আৰু আহিনে...
আহিনে মিছা কান্দোনৰ জোৰ তুলে,
যি কান্দোনত হৃদয়ৰ সৰু খোটালিত
মৰম নামৰ এপাহি গোলাপ ফুলে ।
***************************
কবিতাৰ স্তবক (১)
তোৰ হৃদয়ত মলয়া বলিছে
মোৰ হৃদয়ত বৰষা নামিছে
তোৰ দুচকুত মৰম ভাঁহিছে
মোৰ দুচকুত সপোনে হাঁহিছে
শব্দহীন তৃষা ভাবনাত
মনটোয়ে বাৰে বাৰে
তোমাৰ কাষলৈ উৰা মাৰিছে ॥
কবিতাৰ স্তবক (২)
জোনাক ! তুমি জ্যোতিৰ মায়া
ক'ত যে বিস্ময়েৰে ভৰা !
ভাষাবোৰেও দেখোন হেতা-ওপৰা লগাই
তোমাক প্ৰকাশৰ বাট বিচাৰি নাপাই
কবিতাৰ স্তবক (৩)
সপোনৰ আকাশত আশাৰ জোনাকে
বুকু ভৰায় ৰূপালী মায়া সানে
উখল-মাখল হৃদয়ত মৰমী পৰশে
বাউলী বতাহৰ ঢৌ তুলে ॥
**************************
Also Read
তোমাৰ সপোনৰ ৰাজকুমাৰ হ'ব নোৱাৰো
তোমাৰ কপহুৱা স্মৃতিৰ অবয়ব বিচাৰি
তোমাৰ সপোনবোৰ চুৰ কৰাৰ হেঁপাহত
No comments
Post a Comment